2 তুমি পূৰ্বতে মুক্ত কৰা লোকসকলৰ উদ্দেশ্যে তোমাৰ অধিকাৰৰ ফৈদ হ’বলৈ ক্রয় কৰা; আৰু তুমি নিবাস কৰা চিয়োন পৰ্ব্বতক সোঁৱৰণ কৰা।
তাতে নিজৰ লোকসকলৰ ওপৰত যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল; নিজৰ অধিকাৰৰ লোকসকলৰ প্রতি তেওঁৰ ঘৃণা উপজিল।
কাৰণ যিহোৱাই নিজৰ বাবে যাকোবক, নিজৰ অধিকাৰ স্বৰূপে ইস্রায়েলক মনোনীত কৰিলে।
ধন্য সেই জাতি, যি জাতিৰ ঈশ্বৰ যিহোৱা; সেই লোকসকলক তেওঁ নিজৰ আধিপত্যৰ অর্থে মনোনীত কৰিলে।
হে অনেক শৃঙ্গ সম্বলিত পর্বত, ঈশ্বৰে যি পর্বতক নিজৰ আবাসৰ বাবে বাচি লৈছে, তালৈ তুমি হিংসা দৃষ্টিৰে কিয় চাই আছা? সেই ঠাইতেই যিহোৱাই চিৰকাললৈকে বাস কৰিব।
তুমি যাকোব আৰু যোচেফৰ বংশৰ সন্তান সকলক তোমাৰ শক্তিশালী হাতৰ বাহুৰে মুক্ত কৰিলা। [চেলা]
যিহোৱা চিয়োনত আছে। তোমালোকে যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা; জাতিবোৰৰ মাজত তেওঁ কৰা কাৰ্যবোৰ ঘোষণা কৰা।
কিয়নো যিজনে ৰক্তপাতৰ প্রতিশোধ লয়, ঈশ্বৰে তেওঁক পাহৰি নাযায়; পীড়িতসকলৰ ক্রন্দন তেওঁ কেতিয়াও নাপাহৰে।
কিয়নো যিহোৱাই নিজৰ লোকসকলক ত্যাগ নকৰিব, নিজৰ আধিপত্যক পৰিত্যাগ নকৰিব।
আপুনি উদ্ধাৰ কৰা লোকসকলক আপোনাৰ দয়াৰে চলাই আনিছে; আপুনি আপোনাৰ পৰাক্ৰমেৰেই তেওঁলোকক আপোনাৰ পবিত্ৰ নিবাসলৈ লৈ গৈছে।
ভয় আৰু ত্ৰাসে তেওঁলোকক বেৰি ধৰিলে; আপোনাৰ বাহুবলৰ শক্তিৰ কাৰণে তেওঁলোক শিলৰ দৰে নীৰৱ হৈ ৰ’ল; হে যিহোৱা, আপোনাৰ লোকসকল পাৰ নোহোৱালৈকে; আপুনি উদ্ধাৰ কৰা লোকসকল পাৰ নোহোৱালৈকে।
যিহোৱাই মুক্তিপণ দিয়াসকল ঘুৰি আহিব, আৰু আনন্দ-গানেৰে চিয়োনলৈ আহিব; তেওঁলোকৰ মূৰ সদাকালৰ বাবে আনন্দেৰে পৰিপূৰ্ণ হ’ব; উল্লাস আৰু আনন্দ হব, দু:খ আৰু শোক দূৰ হ’ব।
তেওঁলোকে তোমাক “পবিত্ৰ লোক” আৰু “যিহোৱাৰ মুক্তলোক” বুলি মাতিব; আৰু তুমি “অন্বেষিতা” আৰু “অপৰিত্যক্ত নগৰ” বুলি প্ৰখ্যাত হ’বা।
হে যিৰূচালেম, তোমাৰ গড়ৰ ওপৰত মই প্ৰহৰীসকল নিযুক্ত কৰিলোঁ; তেওঁলোকে দিনত বা ৰাতি নিজম দি নাথাকিব। হে যিহোৱাক সোঁৱৰণ কৰাসকল, তোমালোক ক্ষান্ত নহ’বা;
হে যিহোৱা, তুমি তোমাৰ পথৰ পৰা আমাক কিয় অপথে লৈ গৈছা? আৰু তোমাৰ অবাধ্য হবলৈ আমাৰ মন কিয় কঠিন কৰিছা? তোমাৰ দাসবোৰৰ, তোমাৰ আধিপত্যৰ জাতিবিলাকৰ কাৰণে উভটি আহাঁ।
তেওঁলোকৰ সমস্ত দুখত তেওঁ দূখিত হৈছিল, আৰু দূতে তেওঁৰ সন্মুখৰ পৰা তেওঁলোকক পৰিত্ৰাণ কৰিছিল। তেওঁৰ প্ৰেম আৰু অনুগ্রহত তেওঁলোকক মুক্ত কৰিছিল, আৰু তেওঁ পূৰ্বৰ সকলো সময়ত তেওঁলোকক উন্নত কৰিছিল, আৰু দাঙি নিছিল।
যাকোবৰ অংশ সেইবোৰৰ দৰে নহয়; কাৰণ তেওঁ সকলোৰে নিৰ্মাণকৰ্ত্তা। আৰু ইস্ৰায়েল তেওঁৰ আধিপত্যৰ ফৈদ; বাহিনীসকলৰ যিহোৱা তেওঁৰ নাম।
যাকোবৰ অংশ সেইবোৰৰ নিচিনা নহয়; কিয়নো তেওঁ সকলোৰে নিৰ্ম্মাণকৰ্ত্তা আৰু ইস্ৰায়েল তেওঁৰ আধিপত্যৰ ফৈদ; বাহিনীসকলৰ যিহোৱা তেওঁৰ নাম।
আপোনালোকে নিজৰ বাবে আৰু পবিত্ৰ আত্মাই যি সকলৰ মাজত আপোনালোকক অধ্যক্ষ পাতিলে, সেই সকলোৱে সাৱধান হৈ, ঈশ্বৰে নিজৰ তেজেৰে যি মণ্ডলীক কিনিলে, সেই মণ্ডলীক প্ৰতিপালন কৰক।
কিয়নো যিহোৱাৰ অংশই হৈছে তেওঁৰ লোকসকল, যাকোবৰ বংশই হ’ল তেওঁৰ অধিকাৰৰ অংশ।
যিহোৱাই লোহা গলোৱা অগ্নিশালৰ দৰে সেই মিচৰ দেশৰ পৰা আপোনালোকক তেওঁৰ নিজৰ উত্তৰাধিকাৰৰ লোক কৰি উলিয়াই আনিলে। যেনেকৈ আজি আপোনালোক আছে।
মই যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি কৈছিলোঁ, “হে মোৰ প্ৰভু যিহোৱা, তুমি তোমাৰ লোকসকলক ধ্বংস কৰি নেপেলাবা। তেওঁলোক তোমাৰেই; নিজ মহিমাৰে মুক্ত কৰি, তোমাৰ ক্ষমতাশালী হাতেৰে মিচৰৰ পৰা উলিয়াই অনা তোমাৰ উত্তৰাধিকাৰী লোকসকলক ধ্বংস নকৰিবা।
কিন্তু তথাপিও তেওঁলোক তোমাৰেই লোক আৰু আধিপত্য, যাক তুমি তোমাৰ পৰাক্রমী শক্তিৰ দ্বাৰা আৰু তোমাৰ ক্ষমতাৰ প্রর্দশনেৰে উলিয়াই আনিছিলা।”
আমাক সকলো অধৰ্মৰ পৰা মুক্ত আৰু শুচি কৰিবলৈ যীচুৱে নিজকে উৎসর্গ কৰিলে, যাতে আমি মূল্যৱান ব্যক্তি সকলৰ দৰে সকলো সৎকর্মত উদ্যোগী হওঁ।
আৰু তেখেত সকলে এটি নতুন গীত গালে: “নুৰাটো ল’বলৈ আৰু তাৰ ছাব মেলিবলৈ আপুনি যোগ্য৷ কিয়নো আপুনি হত হ’ল আৰু আপোনাৰ তেজৰ সৈতে আপুনি ঈশ্বৰৰ কাৰণে সেই সকলো জাতিবোৰৰ মাজৰ পৰা প্ৰতিটো ফৈদ, ভাষা, মানুহ আৰু জাতিক কিনিলে ৷