Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




গীত 72:10 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

10 তৰ্চীচ আৰু দ্বীপবোৰৰ ৰজাসকলে পাৰিশ্রমিক শ্রদ্ধাঞ্জলি আনিব; চিবা আৰু চবাৰ ৰজাসকলে উপহাৰ আনিব।

অধ্যায়টো চাওক কপি কৰক




গীত 72:10
19 পৰস্পৰ সংযোগসমূহ  

উটসমূহে, মিদিয়ন আৰু ঐফাৰ ডেকা উটবোৰে তোমাক ঢাকি পেলাব; সেই আটাইবোৰ চিবাৰ পৰা আহিব; সেইবোৰে সোণ আৰু কুন্দুৰু বৈ আনিব, আৰু যিহোৱাৰ প্ৰশংসা গীত গাব।


ইস্রায়েলৰ মুক্তিদাতা, তেওঁলোকৰ পবিত্ৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, যাক মানুহে হেয়জ্ঞান কৰে, যাক দেশৰ লোকে ঘিণ কৰে, যি জনা অধিপতিসকলৰ দাস: কাৰণ বিশ্বাসীযোগ্য যিহোৱাই, তাৰ ওপৰিও ইস্ৰায়েলৰ পবিত্ৰ জনাই তোমাক মনোনীত কৰিলে। তেওঁৰেই বাবে ৰজাসকলে তোমাক দেখিলে উঠিব, আৰু অধিপতিসকলে তোমাক দেখিলে প্ৰণিপাত কৰিব।


যিৰূচালেমত তোমাৰ মন্দিৰ থকাৰ কাৰণে ৰজাসকলে তোমাৰ উদ্দেশ্যে উপহাৰ লৈ যাব।


যেতিয়া চিবা দেশৰ ৰাণীয়ে শুনিলে যে, যিহোৱাৰ নামৰ দ্বাৰাই চলোমনৰ যশস্যাৰ কথা শুনিলে, তেতিয়া তেওঁক কঠিন প্ৰশ্নৰ দ্বাৰাই পৰীক্ষা কৰিবলৈ তেওঁ আহিল।


নিশ্চয়ে দ্বীপবোৰে মোলৈ অপেক্ষা কৰিব; তোমাৰ পুত্রসকলক তেওঁলোকৰ ৰূপৰ আৰু সোণৰ সৈতে দূৰৰ পৰা আনিবলৈ, ঈশ্বৰ যিহোৱাই, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাই তোমাক গৌৰৱান্বিত কৰাৰ কাৰণে, তৰ্চীচৰ জাহাজ আগ হ’ব।


তূৰ নগৰৰ লোকসকলে তোমাৰ অনুগ্রহ বিচাৰি উপহাৰেৰে সৈতে উপস্থিত হব; ধনীসকলেও সকলো সম্পদেৰে সৈতে তোমাৰ অনুগ্ৰহ বিচাৰিব।


কিয়নো হীৰমৰ দাসবোৰে সৈতে তৰ্চীচলৈ যোৱা ৰজাৰ কেইখন মান জাহাজ আছিল৷ সেই তৰ্চীচৰ জাহাজবোৰে সোণ, ৰূপ, হাতী-দাঁত, বান্দৰ, আদি লৈ প্ৰত্যেক তিনি বছৰৰ মুৰত এবাৰ এবাৰ আহি আছিল।


কুচৰ সন্তান সকল হ’ল চবা, হবীলা, চব্তা, ৰয়মা, আৰু চব্তকা; ৰয়মাৰ সন্তান সকল হ’ল চিবা আৰু দদান।


তাৰ পাছত তেওঁলোকে ঘৰৰ ভিতৰলৈ সোমাই গৈ মাক মৰিয়মে সৈতে শিশুটিক দেখি নতশিৰে প্ৰণিপাত কৰি তেওঁৰ আৰাধনা কৰিলে। তাৰ পাছত নিজৰ নিজৰ বহুমূলীয়া বস্তুৰ টোপোলা মেলি, সোণ, ধূনাএঁঠা আৰু গন্ধৰস উপহাৰ দিলে।


লোক সমূহ তোমাৰ পোহৰৰ ওচৰলৈ আহিব, আৰু ৰজাসকলে তোমাৰ উদয় হোৱা দীপ্তিৰ ওচৰলৈ আহিব।


মই উত্তৰ দিশক ক’ম, ‘তেওঁলোকক এৰি দিয়া, আৰু দক্ষিণ দিশক ক’ম, ধৰি নাৰাখিবা, মোৰ পুত্রসকলক দূৰৰ পৰা, আৰু মোৰ জীয়েকসকলক পৃথিৱীৰ সীমাৰ পৰা আনি দিয়া।


কিয়নো মই তোমাৰ ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা, তোমাৰ ত্ৰাণকৰ্ত্তা; মই তোমাৰ মুক্তিস্বৰূপে মিচৰ, তোমাৰ সলনি কুচ আৰু চিবা দিলোঁ


হে সমুদ্ৰৰ ভিতৰত থকাসকল আৰু তাত থকা সকলোবোৰ, হে দ্বীপবোৰ আৰু তাৰ নিবাসীসকল তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা, আৰু পৃথিৱীৰ সীমাৰ পৰা তেওঁৰ প্ৰশংসাৰ গান কৰা।


তেওঁ পৃথিবীত ন্যায় বিচাৰ স্থাপন নকৰালৈকে দুৰ্ব্বল কি নিৰুৎসাহ নহ’ব; আৰু দ্বীপবোৰে তেওঁৰ বিধানৰ বাবে অপেক্ষা কৰিব।


যিসকল লোক তেওঁৰ ওচৰলৈ আহিছিল, তেওঁলোকে নিজ নিজ উপহাৰ লৈ আহিছিল; তেওঁলোকে সোণ আৰু ৰূপৰ পাত্ৰ, বস্ত্ৰ, অস্ত্ৰ, সুগন্ধি দ্ৰব্য, ঘোঁৰা আৰু খছৰ প্ৰত্যেক বছৰে বছৰে লৈ আহিছিল।


তেওঁ ৰজাক এশ বিশ কিক্কৰ সোণ, অতি অধিক সুগন্ধি দ্ৰব্য আৰু বহুমূলীয়া মণি দিলে। চিবাৰ ৰাণীয়ে চলোমন ৰজাক যিমান সুগন্ধি দ্ৰব্য দিলে, সিমান অধিক সুগন্ধি দ্ৰব্য ৰজা চলোমনলৈ কেতিয়াও তেনেকৈ দিয়া হোৱা নাছিল।


তেওঁ অধিক লোকৰ সৈতে যিৰূচালেমলৈ আহিল, লগতে তেওঁ উটৰ পিঠিত সুগন্ধি দ্ৰব্য, বহু পৰিমাণৰ সোণ আৰু বহুমূলীয়া পাথৰ বোজা দি কঢ়িয়াই লৈ আহিল। পাছত তেওঁ যেতিয়া আহি চলোমনৰ ওচৰ পালে, তেতিয়া তেওঁৰ মনৰ সকলো কথা চলোমনৰ ওচৰত মুকলিলৈ ক’লে।


তাৰ পাছত ৰজা অহচবেৰোচে দেশত, আৰু সমুদ্ৰৰ পাৰত থকা দেশবোৰত কৰ ধাৰ্য্য কৰিলে।


নলনিৰ বনৰীয়া জন্তু সেই মিচৰক তুমি ধমকি দিয়া; বলদে নিজৰ দামুৰিৰ জাকবোৰক নিয়ন্ত্রণ কৰাৰ দৰে সেই সকলো জাতিবোৰক ধমকি দিয়া। যিসকলে উপহাৰ কামনা কৰে, তেওঁলোকক তোমাৰ ভৰিৰ তলত গচকিবা; যি জাতিয়ে যুদ্ধ ভাল পায়, তেওঁলোকক সিচঁৰিত কৰা।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন