15 হে বিশাল পর্বত, বাচান পাহাৰৰ বিশাল পর্বত; হে অনেক শৃঙ্গ সম্বলিত পর্বত, বাচান পাহাৰৰ পর্বত!
আপোনাৰ লোকসকলক আৰু আপোনাৰ আধিপত্যৰ পশুৰ জাকক, আপোনাৰ লাখুটিৰে চৰাওক; যদিও তেওঁলোক কর্মিল পাহাৰৰ অৰণ্যত অকলশৰে আছে, তথাপিও তেওঁলোকক আগৰ দৰেই, বাচানত আৰু গিলিয়দত খাবলৈ দিয়ক।
যিহোৱাই কৈছে, “ময়েই মোৰ পবিত্ৰ চিয়োন পৰ্ব্বতত মোৰ ৰজাক অভিষেক কৰিলোঁ।”
সেই সমথলভূমিৰ সকলোবোৰ নগৰ, সমস্ত গিলিয়দ এলেকা আৰু বাচানৰ ৰজা ওগৰ ৰাজ্যৰ সকলো নগৰ, চলখা আৰু ইদ্ৰেয়ীলৈকে গোটেই বাচান দেশ আমি অধিকাৰ কৰিলোঁ।
তেতিয়া তেওঁ নিজৰ লোকসকলক লগত লৈ চলমোন পৰ্ব্বতলৈ উঠি গ’ল। তেওঁ কুঠাৰ ললে আৰু গছৰ পৰা এটা ডাল কাটি নিজৰ কান্ধত তুলি ল’লে। তাৰ পাছত তেওঁৰ লগত থকা লোকসকলক আদেশ দিলে, “তোমালোকে মোক যি যি কৰা দেখিলা, তোমালোকেও শীঘ্রে তেনেকুৱা কৰিবা।”