17 মই মোৰ মুখেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰিলোঁ, আৰু মোৰ জিভাৰ দ্বাৰাই তেওঁক গৌৰৱাম্বিত কৰা হ’ল।
যিহোৱাই মোলৈ কৰা সকলো মঙ্গলৰ পৰিবর্তে মই তেওঁক কি দিম?
হে মোৰ ঈশ্বৰ, হে মোৰ ৰজা, মই তোমাৰ গৌৰৱ কীৰ্ত্তন কৰিম; যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ ধন্যবাদ কৰিম।
হে যিহোৱা, মই তোমাৰ প্ৰশংসা কৰিম; কিয়নো তুমিয়েই মোক উঠাই আনিলা। মোৰ শত্রুবোৰক তুমি মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিলা।
হে যিহোৱা, মই তোমাকেই চিঞঁৰি মাতিছিলোঁ, মোৰ যিহোৱাৰ ওচৰত দয়া বিচাৰি মই মিনতি কৰি কৈছিলোঁ:
“মোৰ মৃত্যুত বা মই গাতলৈ নামি যোৱাত জানো কিবা লাভ আছে? ধুলিয়ে জানো তোমাৰ প্ৰশংসা নাইবা তোমাৰ বিশ্ৱস্ততাৰে প্ৰচাৰ কৰিব?
এই দুখীয়ে প্ৰাৰ্থনা কৰাত যিহোৱাই শুনিলে, সকলো সঙ্কটৰ পৰা তেওঁক পৰিত্ৰাণ কৰিলে।