Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




গীত 55:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 ঈশ্বৰ, যি জন অৱশেষ অনাদি কালৰে পৰা আছে; তেওঁ শুনিব আৰু তেওঁলোকক উত্তৰ দিব। [চেলা] যি মানুহৰ পৰিবৰ্ত্তন নাই; তেওঁলোকে ঈশ্বৰক ভয় নকৰে।

অধ্যায়টো চাওক কপি কৰক




গীত 55:19
15 পৰস্পৰ সংযোগসমূহ  

যিজন অনাদিকালৰ ঈশ্বৰ তেৱেঁই নিজৰ লোকসকলৰ আশ্রয়, অধোদেশত তেওঁ চিৰস্থায়ী বাহুৰে ধৰি ৰাখে; তেওঁ তোমালোকৰ সন্মুখৰ পৰা শত্ৰুবোৰক দূৰ কৰিব, তেওঁ ক’ব, ‘এওঁলোকক ধ্বংস কৰা!’


সেই সময়ত মই এটা চাকি ল’ম আৰু যিৰূচালেমৰ সকলো ঠাইতে বিচাৰিম; যিসকলে তেওঁলোকৰ দ্রাক্ষাৰসতে সন্তুষ্ট থাকে আৰু মনতে কয়, ‘যিহোৱাই মঙ্গল কি অমঙ্গল একোৱেই নকৰিব’ তেওঁলোকক দণ্ড দিম।


কিন্তু হে বৈৎলেহেম-ইফ্ৰাথা, যিহূদাৰ গোষ্ঠীবোৰৰ মাজত যদিও তোমালোক অতি ক্ষুদ্ৰ, তথাপিও ইস্ৰায়েলক শাসন কৰিবলৈ তোমালোকৰ পৰাই এজন মোৰ ওচৰলৈ আহিব, সেই জনৰ আৰম্ভণি পূৰ্বকালৰ পৰা অনন্তকাললৈকে;


মোৱাব সৰু কালৰে পৰা নিশ্চিন্তভাৱে আছে, আৰু সি নিজৰ গেদৰ ওপৰত সুস্থিৰে আছে, এক পাত্ৰৰ পৰা আন পাত্ৰত ঢলা হোৱা নাই, আৰু সি বন্দী-অৱস্থালৈ যোৱাও নাই; এই কাৰণে তাৰ সুস্বাদ তাতে আছে আৰু তাৰ দগ্ধ পৰিৱৰ্ত্তন হোৱা নাই।


অন্যায় কার্যৰ শাস্তি যদি বেগাই কার্যকৰী নহয়, তেন্তে মানুহৰ মনলৈ অন্যায় কার্য কৰাৰ প্রৱণতা আহে।


তেওঁ সকলোৰে পূৰ্বৰ পৰা আছে আৰু সকলোবোৰ তেওঁৰেই নিয়ন্ত্ৰণত আছে৷


সেই দেশবোৰৰ দেৱতাবোৰৰ মাজত এনে কোনো দেৱতা আছে নে যি মোৰ শক্তিৰ পৰা তেওঁৰ দেশ উদ্ধাৰ কৰিছিল, যিহোৱাই মোৰ শক্তিৰ পৰা যিৰূচালেম যেন উদ্ধাৰ কৰিব পাৰিব?


অশিক্ষিত সেই লোকসকল যেতিয়া বিপথে যায়, তেতিয়া তেওঁলোকৰ মৃত্যু হয়। মূৰ্খৰ নিৰপেক্ষতাই তেওঁলোকক ধ্বংস কৰিব।


তোমাৰ সুস্থিৰ প্রেমেৰে মোৰ শত্ৰুবোৰক উচ্ছন্ন কৰা; মোৰ সকলো বিপক্ষবোৰক তুমি ধ্বংস কৰা, কিয়নো মই তোমাৰ দাস।


এই সকলো দেখি-শুনি ঈশ্বৰে ক্ৰোধ কৰিলে; তেওঁ ইস্ৰায়েলক সম্পূর্ণ ভাৱে অগ্রাহ্য কৰিলে।


তোমাৰ ধাৰ্মিকতাৰে উত্তৰ দি আশ্চর্যজনক কার্য কৰিবা; ঈশ্বৰ আমাৰ উদ্ধাৰকর্তা; পৃথিবীৰ অন্তলৈকে তুমি আমাৰ বিশ্বাসভূমি; সমুদ্ৰ আৰু সেইবোৰৰ পৰা দূৰৈত থকা সকলৰো।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন