Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




গীত 51:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 তোমাৰ সন্মুখৰ পৰা মোক দূৰ নকৰিবা; তোমাৰ পবিত্ৰ আত্মা মোৰ পৰা নিনিবা।

অধ্যায়টো চাওক কপি কৰক




গীত 51:11
23 পৰস্পৰ সংযোগসমূহ  

আজি আপুনি মোক ভূমিৰ পৰা খেদি পঠালে; মই আপোনাৰ সন্মুখৰ পৰা লুকাই থকিব লগা হ’ব; এই পৃথিবীত পলৰীয়া হৈ মই যেতিয়া ঘূৰি ফুৰিব লগা হ’ব, তেতিয়া যেয়ে মোক পাব তেৱেঁ মোক বধ কৰিব।”


এই অবস্থা দেখি যিহোৱাই ক’লে, “মোৰ আত্মাই চিৰকাললৈকে মানুহত থাকি অধিকাৰ নচলাব; কিয়নো মানুহ ৰক্তমাংসৰে গঠিত মাত্ৰ। তেওঁলোক এশ বিশ বছৰ জীয়াই থাকিব।”


কিন্তু মই যি জনক তোমাৰ আগৰ পৰা দূৰ কৰিলোঁ, সেই চৌলৰ পৰা মই যেনেকৈ মোৰ দয়া গুচালোঁ, তেনেকৈ তেওঁৰ পৰা মোৰ দয়া নুগুচিব।


কিন্তু যিহোৱাই অব্ৰাহাম, ইচহাক আৰু যাকোবে সৈতে কৰা নিয়মৰ কাৰণে, তেওঁ ইস্ৰায়েলৰ ওপৰত অনুগ্ৰহ আৰু দয়া কৰিলে; তেওঁলোকলৈ মনোযোগ দিলে। সেয়ে যিহোৱাই তেওঁলোকক বিনষ্ট কৰা নাছিল আৰু এতিয়াও তেওঁলোকক নিজৰ উপস্থিতিৰ পৰা দূৰ কৰা নাই।


সেইবাবে যিহোৱাই ক’লে, “মই মোৰ দৃষ্টিৰ পৰা ইস্ৰায়েলক যেনেকৈ দূৰ কৰিলোঁ, তেনেকৈ যিহূদাকো দূৰ কৰিম। মই যি নগৰক মনোনীত কৰি লৈছিলোঁ, সেই যিৰূচালেমক আৰু যি গৃহৰ সম্বন্ধে মই কৈছিলোঁ, ‘মোৰ নাম তাত থাকিব’ সেই গৃহক মই অগ্রাহ্য কৰিম।


যিৰূচালেম আৰু যিহূদাৰ ওপৰত যিহোৱা ক্রুদ্ধ হোৱাৰ কাৰণে এই দুই দেশক তেওঁ নিজৰ সন্মুখৰ পৰা দূৰ নকৰা পর্যন্ত এই সকলো দশা ঘটি আছিল। পাছত চিদিকিয়াই বেবিলনৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে।


কিয়নো তুমিয়েই মোৰ ঈশ্বৰ, মোৰ দুৰ্গ; তুমি মোক কিয় ত্যাগ কৰিলা? মই কিয় শত্ৰুৰ উপদ্ৰৱৰ কাৰণে বিষন্ন মনেৰে ফুৰিছোঁ?


প্রকৃততে মোৰ বয়সস্ত অৱস্থা আৰু চুলি পকাৰ সময়ত মোক ত্যাগ নকৰিবা, মই ভাবী-বংশৰ আগত তোমাৰ পৰাক্রম ঘোষণা কৰিম; আৰু আহিবলগা সকলোকে তোমাৰ পৰাক্রমৰ কথা শুনাম।


বয়সস্থ সময়ত মোক ত্যাগ নকৰিবা; মই শক্তিহীন হোৱা সময়ত মোক নেৰিবা।


আৰু তোমালোকৰ ভাইসকলক, এনে কি, ইফ্ৰয়িমৰ গোটেই বংশক যেনেকৈ দূৰ কৰি পেলালোঁ, তেনেকৈ তোমালোককো মোৰ সম্মুখৰ পৰা দূৰ কৰি পেলাম।


এতেকে তোমালোক দুর্জন হৈয়ো নিজ নিজ সন্তান সকলক যদি ভাল বস্তু দিব জানা তেনেহলে তাতকৈয়ো তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে তেওঁৰ ওচৰত খোজা লোক সকলক পবিত্ৰ আত্মা নিদিব নে?”


কিন্তু সেই সহায়কর্তা পবিত্ৰ আত্মা, যি জনক পিতৃয়ে মোৰ নামেৰে পঠিয়াব, তেওঁ তোমালোকক সকলো শিক্ষা দিব আৰু মই তোমালোকক যি যি কৈছোঁ, এই আটাই কথা তোমালোকক সোঁৱৰাব।


তেওঁ পবিত্ৰ আত্মাৰ শক্তিৰ যোগেদি ঈশ্বৰৰ পুত্ৰৰূপে ঘোষণা কৰা হৈ পবিত্ৰতাৰ দ্বাৰা মৃত্যুৰ পৰা পুনৰুত্থিত হ’ল, তেৱেঁই আমাৰ প্ৰভু যীচু খ্ৰীষ্ট৷


যিয়েই নহওক, আপোনালোক মাংসৰ বশত নহয় কিন্তু আত্মাৰ বশতহে আছে, আৰু সেয়াই যদি সত্য হয়, তেনেহলে ঈশ্বৰৰ আত্মা আপোনালোকৰ অন্তৰত বাস কৰে। কিন্তু যি জনত খ্ৰীষ্টৰ আত্মা নাই, তেওঁ খ্ৰীষ্টৰ নহয়।


মুক্তি দিনৰ অর্থে ঈশ্বৰৰ যি পবিত্ৰ আত্মাত আপোনালোকক মোহৰ মৰা হল, তেওঁক অসন্তুষ্ট নকৰিব।


তেওঁলোক প্রভুৰ লগত থকাৰ পৰা আতৰ হৈ আৰু তেওঁৰ পৰাক্রমৰ প্ৰতাপৰ পৰা দূৰৈত থাকি, দণ্ডৰ সৈতে অনন্ত বিনাশ ভোগ কৰিব।


প্ৰথমে যিহোৱাৰ আত্মাই চৰা আৰু ইষ্টায়োলৰ মাজ ঠাইত থকা মহনেদানত চিমচোনক কার্য্য কৰিবলৈ সক্রিয় কৰিলে।


পাছত তেওঁ যেতিয়া লেহী পালে তেতিয়া, পলেষ্টীয়াসকলে তেওঁক পাই বৰকৈ জয় ধ্বনি কৰিলে। তেতিয়া যিহোৱাৰ আত্মা পূর্ণ শক্তিত তেওঁৰ ওপৰত স্থিতি হোৱাত তেওঁৰ বাহুত বান্ধি ৰখা ৰচীবোৰ পুৰি যোৱা শণৰ নিচিনা হ’ল আৰু তেওঁৰ হাতৰ পৰা বন্ধন খহি পৰিল।


পাছত তাই ক’লে, “হেৰা চিমচোন, পলেষ্টীয়াহঁতে তোমাক ধৰেহে এতিয়া।” তাতে তেওঁ টোপনিৰ পৰা সাৰ পাই মনতে ভাবিলে আন আন সময়ৰ নিচিনাকৈ বাহিৰলৈ গৈ গা জোকাৰিম; কিন্তু যিহোৱাই যে তেওঁক ত্যাগ কৰিলে সেই বিষয়ে হ’লে তেওঁ নাজানিলে।


যেতিয়া তেওঁলোকে পৰ্ব্বত পালেগৈ, এদল ভাববাদীয়ে তেওঁক লগ পালে, তাতে যিহোৱাৰ আত্মা তেওঁৰ ওপৰত স্থিতি হ’ল আৰু তেওঁলোকৰ মাজত তেৱোঁ ভাববাণী প্ৰচাৰ কৰিলে।


তাৰ পাছত যিহোৱাৰ আত্মা চৌলৰ পৰা আঁতৰি গ’ল আৰু তাৰ পৰিবৰ্তে যিহোৱাৰ পৰা অহা এক অনিষ্ট কাৰক আত্মাই আহি তেওঁক ব্যাকুল কৰিবলৈ ধৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন