1 হে যিহোৱা, মোৰ কথালৈ কাণ পাতা; মোৰ হুমুনিয়াহ শুনা।
হে যিহোৱা, তুমি ন্যায় কথা শুনা; মোৰ কাতৰোক্তিলৈ মনোযোগ দিয়া; ছলনাকাৰী ওঁঠেৰে নকৰা মোৰ প্ৰাৰ্থনালৈ কাণ পাতা।
হে মোৰ যিহোৱা, মোৰ আশ্রয়-শিলা আৰু মোৰ মুক্তিকৰ্ত্তা, মোৰ মুখৰ বাক্য আৰু মোৰ মনৰ চিন্তা তোমাৰ দৃষ্টিত গ্ৰাহ্য হওঁক।
হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা, মোৰ মুখৰ কথালৈ কাণ দিয়া।
হে ঈশ্বৰ, মোৰ অভিযোগবোৰৰ কথা কওঁতে মোৰ মাত শুনা; শত্রুৰ ভয়ৰ পৰা মোৰ জীৱন ৰক্ষা কৰা।
হে ইস্ৰায়েলৰ ৰখীয়া, কাণ পাতা; তুমি যোচেফৰ বংশক মেৰ-ছাগৰ জাকৰ দৰে চলাই আনিছা! তুমি কৰূববোৰৰ ওপৰত বহি, আমাৰ ওপৰত তোমাৰ দীপ্তি প্ৰকাশ কৰিছা!
হে যিহোৱা, মোৰ কথালৈ কাণ দিয়া, মোক উত্তৰ দিয়া; কিয়নো মই দুখী আৰু দৰিদ্ৰ।
সেই একেদৰে আত্মায়ো আমাৰ দূৰ্বলতাত উপকাৰ কৰে৷ কাৰণ, উচিত মতে কি প্ৰাৰ্থনা কৰিব লাগে, সেই বিষয়ে আমি নাজানো; কিন্তু আত্মাই নিজে আমাৰ বাবে অনিৰ্ব্বচনীয় কেঁকনিৰে নিবেদন কৰে।
প্ৰভুৰ চকুৱে ধাৰ্মিক সকলক দৃষ্টি কৰে, আৰু তেওঁৰ কাণে তেখেত সকলৰ প্ৰাৰ্থনা শুনে৷ কিন্তু যি সকল কু-কৰ্মী, তেখেত সকললৈ প্ৰভুৰ মুখ বিৰোধী৷”
সেই সময়ত হান্নাই নিৰৱে হৃদয়ৰ পৰা প্ৰাৰ্থনা কৰি আছিল, তেওঁৰ কেৱল ওঁঠ দুটিহে লৰি আছিল, কিন্তু কোনো শব্দ শুনা নাছিল; সেয়েহে এলীয়ে তেওঁক মতলীয়া হৈছে বুলি ভাবিছিল৷
আপোনাৰ এই দাসীক দুষ্ট তিৰোতা বুলি নাভাবিব; মোক নানা কথাৰে বিৰক্ত কৰাত, বেজাৰ পাই অসন্তুষ্ট মনেৰে মই যিহোৱাৰ সৈতে কথা পাতি আছিলোঁ।”