17 কিয়নো তেওঁলোকে মৰণৰ কালত একোকে লৈ নাযাব; তেওঁলোকৰ ধন-সম্পদ তেওঁলোকৰ লগত নামি নাযাব।
“মই মাতৃৰ গৰ্ভৰ পৰা উদঙে আহিলোঁ, আৰু উদঙে তালৈ উলটি যাম। যিহোৱাই দিছিল, আৰু যিহোৱাই লৈ গ’ল। যিহোৱাৰ নাম ধন্য হওক।”
সি ধনী হৈ শুব, কিন্তু তাক মৈদাম দিয়া নাযাব; সি চকু মেলামাত্ৰকে নাইকিয়া হয়।
হে যিহোৱা, মর্ত্যৰ লোকসকলৰ পৰা তোমাৰ নিজ হাতেৰে মোক ৰক্ষা কৰা; সেই মর্ত্য লোকসকলৰ পৰা মোক ৰক্ষা কৰা, যিসকলৰ জীৱনৰ অংশ কেৱল এই পৃথিৱীতে আছে। তোমাৰ বহুমূল্য সম্পদেৰে তেওঁলোকৰ উদৰ পূৰ হওঁক, তেওঁলোকৰ সন্তানৰ সংখ্যা অনেক হওঁক, শিশুসকলৰ কাৰণে তেওঁলোকে নিজৰ ধন-সম্পদ ৰাখি যাওঁক।
মাকৰ গৰ্ভৰ পৰা মনুষ্য যেনেকৈ উদঙে আহে, তেনেকৈ তেওঁ উদঙে এই জীৱন এৰি পুনৰায় গুছি যায়। নিজৰ পৰিশ্ৰমৰ একোৱেই তেওঁ হাতত লৈ যাব নোৱাৰে।
বিচাৰৰ দিনা দূৰৰ পৰা যেতিয়া বিনাশ আহিব তেতিয়া তোমালোকে কি কৰিবা? তোমালোক কাৰ ওচৰলৈ সহায়ৰ বাবে দৌৰি যাবা, আৰু তোমালোকৰ সম্পতি কোন ঠাইত এৰি যাবা?
সেই কাৰণে মৃত্যুৱে তেওঁলোকৰ ভোক বঢ়াইছে, আৰু নিজৰ মুখ বহলকৈ মেলিছে, তেওঁলোকৰ মাজৰ অভিজাতলোক, লোক সমূহ, মূখ্যলোক, আনন্দকৰা লোক, আৰু উল্লাসিত লোকসকল চিয়োললৈ নামি গৈছে।
কিন্তু ঈশ্বৰে তেওঁক ক’লে, ‘হে নির্ব্বোধ লোক, আজি ৰাতি তোমাৰ প্ৰাণ নিয়া হব৷ তাতে যিবোৰ বস্তু যুগুত কৰি থলা, সেইবোৰ কাৰ হ’ব?
তেতিয়া ধনী ব্যক্তি জনে চিঞৰি ক’লে, ‘পিতৃ অব্ৰাহাম, মোৰ প্ৰতি দয়া কৰক আৰু লাজাৰক ইয়ালৈ পঠাই দিয়ক৷ তেওঁ আঙুলিৰ আগ পানীত জুবুৰিয়াই, মোৰ জিভা চেঁচা কৰিবলৈ তেওঁক পঠিয়াই দিয়ক৷’
যিহক ৰোৱা যায়, সেয়ে অনাদৰৰ পাত্ৰ; যিহক তোলা হয়, সেয়ে গৌৰৱৰ পাত্ৰ; যিহক ৰোৱা যায়, সেয়ে দূৰ্বলতাৰ পাত্ৰ; যিহক তোলা হয়, সেয়ে প্ৰভাৱৰ শক্তি;
আমি এই জগতলৈ একোকে অনা নাই আৰু ইয়াৰ পৰা একো লৈ যাবও নোৱাৰোঁ৷