9 হে যিহোৱা, মোৰ সকলো কামনা-বাসনা তুমি জানা; মোৰ হুমুনিয়াহ তোমাৰ পৰা লুকাই থকা নাই।
হে যিহোৱা, নম্ৰ লোকৰ অন্তৰৰ ইচ্ছাৰ কথা তুমি শুনিবা; তুমি তেওঁলোকৰ হৃদয়ত সাহস দিবা, তুমি তেওঁলোকৰ প্রার্থনালৈ কাণ দিবা;
যাতে বন্দীসকলৰ কেঁকনি শুনিব পাৰে, মৃত্যুদণ্ডৰে অভিযুক্ত সকলক মুক্ত কৰিব পাৰে।
মই বৰকৈ কেঁকাই থকাত মোৰ অস্থিবোৰ শৰীৰৰ ছালত লাগি গৈছে।
মই কেঁকাই কেঁকাই ক্লান্ত হৈ পৰিছো; গোটেই নিশা কান্দি-কান্দি মই মোৰ শয্যা চকুৰ পানীৰে তিয়াও; মোৰ বিচনা তিতি যায়।
নথনেলে যীচুক সুধিলে, “আপুনি মোক কেনেকৈ চিনি পালে?” যীচুৱে উত্তৰ দি তেওঁক ক’লে, “ফিলিপে তোমাক মতাৰ আগেয়ে যেতিয়া তুমি ডিমৰু গছৰ তলত আছিলা, মই তেতিয়াই তোমাক দেখিছিলোঁ।”
কাৰণ আমি ইয়াৰ ভিতৰত কেঁকাই থাকি, স্বৰ্গৰ পৰা হোৱা আমাৰ সেই ঘৰৰূপ বস্ত্ৰেৰে ঢকা হ’বলৈ অতিশয় হাবিয়াহ কৰিছোঁ।