10 যি সকলে তোমাক জানে, তেওঁলোকৰ প্রতি যেন তোমাৰ প্রেম সদায় থাকে, যি সকলৰ হৃদয় সৎ তেওঁলোকে যেন তোমাৰ পৰিত্রাণ পায়।
কিন্তু যিহোৱাক ভয় কৰাসকলৰ ওপৰত তেওঁৰ দয়া অনাদিকালৰ পৰা অনন্তকাল পর্যন্ত থাকে, আৰু তেওঁৰ ধাৰ্মিকতা বংশৰ পিছত বংশ বর্তি থাকে।
যিসকলে তোমাক জানে, তেওঁলোকে যেন তোমাত ভাৰসা ৰাখে, কিয়নো হে যিহোৱা, যিসকলে তোমাক বিচাৰে, তেওঁলোকক তুমি পৰিত্যাগ নকৰা।
হে যাকোবৰ বংশ আহাঁ, যিহোৱাৰ পোহৰত চলি যাওঁহঁক।
তেওঁ দুখী-দৰিদ্ৰৰ বিচাৰ কৰাতে তেওঁৰ মঙ্গল হৈছিল; যিহোৱাই কৈছে, মোক জনাৰ প্ৰমাণ এয়ে নাছিল নে?
আৰু মই যে যিহোৱা, ইয়াক জানিবৰ মন মই তেওঁলোকক দিম; আৰু তেওঁলোক মোৰ প্ৰজা হ’ব, আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম; কিয়নো তেওঁলোকে সমস্ত মনেৰে মোলৈ উলটি আহিব।
যিহোৱাই অতীতৰ পৰা দৰ্শন দিলে, আৰু মোক ক’লে, ‘সঁচাকৈ মই চিৰস্থায়ী প্ৰেমেৰে তোমাক প্ৰেম কৰোঁ। এই কাৰণে মই তোমাক বহুকালৰে পৰা দয়া কৰি আহিছোঁ।
এইটোৱে অনন্ত জীৱন; একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক তেওঁলোকে যেন জানে।
“প্ৰভুক জানা” এই বুলি নিজৰ প্ৰতিবেশীক আৰু নিজ নিজ ভায়েকক কোনো লোকে পুনৰ শিক্ষা নিদিব৷ কাৰণ সৰুৰ পৰা বৰলৈকে সকলোৱে মোক জানিব৷
শেষৰ কালত প্ৰকাশিত হ’বলৈ যুগুত হোৱা পৰিত্রাণৰ কাৰণে, ঈশ্বৰৰ শক্তিত আপোনালোকো বিশ্বাসৰ দ্বাৰাই ৰক্ষিত হৈ আছে।