Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




গীত 35:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

25 তেওঁলোকক মনত এই কথা কবলৈ নিদিবা, “অহঃ, আমাৰ অন্তৰে যি বিচাৰিছে, সেয়ে হৈছে।” তেওঁলোকক কবলৈ নিদিবা, “আমি তেওঁক সম্পূর্ণ ধ্বংস কৰিলোঁ।”

অধ্যায়টো চাওক কপি কৰক




গীত 35:25
16 পৰস্পৰ সংযোগসমূহ  

তোমাৰ আটাই শত্ৰুৱে তোমাৰ অহিতে মুখ বহলকৈ মেলিলে আৰু তোমাৰ বিপক্ষে ঠাট্টা কৰিলে। তেওঁলোকে সুহুৰিয়াই আৰু দাঁত কৰচি কয়, “আমি তাইক গ্ৰাস কৰিলোঁ। আমি বাট চাই থকা দিন, নিশ্চয় এই দিনটোৱেই; আমি পালোঁ, আমি দেখিলোঁ!”


তেন্তে তেওঁলোকে আমাৰ বিৰুদ্ধে ক্ৰোধত জ্বলি উঠি আমাক জীয়াই জীয়াই গ্ৰাস কৰিলেহেঁতেন,


পাছত যেতিয়া এই ক্ষয়ৰ দেহাই অক্ষয়তাক আৰু এই মৃত্যুৰ দেহাই অমৰতাক পিন্ধিব, তেতিয়া এই যি কথা লিখা আছে, বোলে- “জয়ৰ অৰ্থে মৃত্যুক গিলি খোৱা হ’ল, সেয়ে সিদ্ধ হ’ব”


তেওঁলোকে নিজৰ মনত এনে কথা ভাবি থকা বুলি যীচুৱে নিজৰ আত্মাত তেতিয়াই জানিলে; সেয়েহে তেওঁলোকক ক’লে, “আপোনালোকে অন্তৰত কিয় এনে কথা ভাৱিছে?


কিন্তু তাত বহি থকা বিধানৰ অধ্যাপক সকলৰ মাজৰ কোনো কোনোৱে মনতে ভাবি ক’লে,


তেওঁ ঈশ্বৰত ভাৰসা কৰিছে; ঈশ্বৰে যদি তেওঁক ভালপায়, তেনেহলে এতিয়া তেওঁক নিস্তাৰ কৰকচোন; কিয়নো নিজকে কৈছিল ‘ময়েই ঈশ্বৰৰ পুত্ৰ’।”


হে যিহোৱা, দুষ্ট লোকৰ বাঞ্ছা পূৰ্ণ নকৰিবা; তেওঁলোকৰ ষড়যন্ত্র সফল হবলৈ নিদিবা। [চেলা]


তেওঁলোকে নিজৰ মনতে কলে, “আমি সকলোকে একেবাৰে ধ্বংস কৰোঁ।” তেওঁলোকে মাটিৰ ওপৰত থকা ঈশ্বৰৰ সকলো সভা গৃহ পুৰি ভস্ম কৰিলে।


মোক গ্ৰাস কৰিব খোজা জনে নিন্দা কৰা সময়ত, তেওঁ স্বৰ্গৰ পৰা পঠাই মোক পৰিত্ৰাণ কৰিব; [চেলা]। ঈশ্বৰে নিজ দয়া আৰু সত্যতা পঠাই দিব।


যিসকল দুষ্ট, যিসকলে দুষ্টতাৰ কার্য কৰি ফুৰে, যিসকলে চুবুৰীয়াৰ লগত মুখেৰে শান্তিৰ কথা কয়, অথচ অন্তঃকৰনত দুষ্ট ইচ্ছা পুহি ৰাখে, সেইসকলৰ লগত তুমি মোক টানি নিনিবা।


মোৰ বিৰোধীবোৰৰ ইচ্ছাত তুমি মোক সমর্পণ নকৰিবা; কিয়নো মিছা সাক্ষীবোৰ মোৰ বিৰুদ্ধে উঠিছে; তেওঁলোকৰ প্রশ্ৱাসত অত্যাচাৰ ওলাই আহে।


পাছত তেওঁলোকৰ ভোজনৰ দিন উকলি গ’লে, ইয়োবে মানুহ পঠিয়াই তেওঁলোকক পবিত্ৰ কৰায়, আৰু ৰাতিপুৱাতে উঠি তেওঁলোকৰ সকলোৰে সংখ্যা অনুসাৰে হোম-বলি দিয়ে; কাৰণ ইয়োবে কয়, “কিজানি মোৰ ল’ৰাহতে পাপ কৰি অন্তৰৰ পৰা ঈশ্বৰক বিদায় দিলে”! সেয়ে ইয়োবে সদায় এইদৰে কৰে।


আমি ইস্ৰায়েলৰ মাজত আটাইতকৈ শান্ত আৰু বিশ্বাসী নগৰ এখনৰ লোক সমূহ হওঁ৷ আপুনি ইস্ৰায়েলৰ মাতৃস্বৰূপ এখন নগৰ নষ্ট কৰিবলৈ চেষ্টা কৰিছে৷ আপুনি কিয় যিহোৱাৰ উত্তৰাধিকাৰ গ্ৰাস কৰিব বিচাৰিছে?”


শত্ৰুৱে কৈছিল, ‘মই পাছে পাছে খেদি যাম, মই আগ ভেটি ধৰিম, মই লুটদ্ৰব্য ভগাই ল’ম; মোৰ হাবিয়াহ তেওঁলোকৰ ওপৰত পূৰ হ’ব; মই তৰোৱাল উলিয়াম, মোৰ হাতে তেওঁলোকক সংহাৰ কৰিব।’


যিসকলে মোক আহা আহা বোলে; তেওঁলোকে লাজ পাই উলটি যাওক।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন