7 হে যিহোৱা, তোমাৰ অনুগ্ৰহেৰেই তুমি মোক শক্তিশালী পৰ্ব্বতস্বৰূপে স্থাপন কৰিলা; কিন্তু, যেতিয়া তুমি তোমাৰ মুখ লুকুৱাই ৰাখিছিলা, তেতিয়া মই ভীষণ ব্যাকুল হৈছিলোঁ।
তুমি অনুগ্ৰহ কৰি মোক জীৱন দান কৰিলা; তোমাৰ তত্ত্বধাৰণত মোৰ আত্মা প্ৰতিপালিত হৈছে।
হে যিহোৱা, তুমি কিয় দূৰৈত ৰৈ আছা? সঙ্কটৰ সময়ত কিয় তুমি নিজকে লুকুৱাই ৰাখা?
ইয়াৰ কাৰণ হৈছে তোমাৰ ৰোষ আৰু তোমাৰ ক্রোধ; কিয়নো তুমি মোক ওপৰলৈ তুলি দলিয়াই পেলাই দিলা।
তুমি মুখ লুকুৱালে, সিহঁত বিহ্বল হয়; তুমি সিহঁতৰ নিশ্বাস নিলে সিহঁত মৰি পুনৰায় ধুলিলৈ ওভটে।
হে যিহোৱা, তুমি শীঘ্ৰে মোক উত্তৰ দিয়া, কাৰণ মোৰ আত্মাৰ উৎসাহ নোহোৱা হৈছে; মোৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা, মই গাতলৈ নামি যোৱাবোৰৰ নিচিনা হৈ পৰিম।
কিয়নো তেওঁৰ ক্ৰোধ খন্তেকীয়া, তেওঁৰ দয়া হ’লে আজীৱন কাললৈকে; ৰাতিৰ দীর্ঘসময়ত ক্ৰন্দন থাকিব পাৰে, কিন্তু ৰাতিপুৱাতে আনন্দ আহে।
তেওঁ মোক বিনাশৰ গাতৰ পৰা তুলি আনিলে, পঙ্কিল জলাশয়ৰ পৰা তুলিলে। শিলৰ ওপৰত মোৰ ভৰি ৰাখিলে আৰু মোৰ গতি স্থিৰ কৰিলে।
তেওঁলোকে নিজৰ তৰোৱালৰ দ্বাৰাই সেই দেশ অধিকাৰ কৰা নাছিল, নিজৰ বাহুৰ শক্তিত জয় লাভ কৰা নাছিল; কিন্তু তোমাৰ সোঁ হাত, তোমাৰ বাহু, আৰু তোমাৰ মুখৰ দীপ্তিয়েহে তাক কৰিছিল; কিয়নো আমাৰ লোকসকলৰ ওপৰত তোমাৰ অনুগ্ৰহ আছিল।
কিয়নো হে যিহোৱা, যিসকল ধাৰ্মিক, তুমি তেওঁলোকক আশীৰ্বাদ কৰা; তোমাৰ দয়াৰে তুমি তেওঁলোকক ঢালৰ নিচিনাকৈ আৱৰি ৰাখিছা।
তুমিয়েই তেওঁলোকৰ শক্তিৰ শোভা; তোমাৰ অনুগ্ৰহতে আমাৰ শক্তি উন্নত হ’ব।
মই তেনে কষ্ট অনুভৱ কৰাটো মোৰ বাবে লাভজনক আপুনি মোক ধ্বংসৰ গাতৰ পৰা ৰক্ষা কৰিলে; কিয়নো আপুনি মোৰ সকলো পাপ আপোনাৰ পাছফালে দলিয়াই পেলালে।
যিদিনা তেওঁলোকে এইদৰে কৰিব, সেইদিনা তেওঁলোকৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ব আৰু ময়ো তেওঁলোকক ত্যাগ কৰিম। মই তেওঁলোকৰ পৰা মোৰ মুখ ঢাকিম আৰু তেওঁলোক ধ্বংস হৈ যাব। তেওঁলোকলৈ অনেক দুখ-কষ্ট আৰু আপদ ঘটিব; সেইদিনা তেওঁলোকে ক’ব যে, “আমাৰ ঈশ্বৰ আমাৰ মাজত নথকাৰ কাৰণেই আমাৰ ওপৰত এই সকলো আপদ নে?