Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




গীত 22:31 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

31 যিসকলৰ এতিয়াও জন্ম হোৱা নাই, তেওঁলোকৰ ওচৰতো যিহোৱাৰ উদ্ধাৰ কার্যৰ কথা ঘোষণা কৰা হ’ব; ক’ব যে তেৱেঁই এই কার্য কৰিলে।

অধ্যায়টো চাওক কপি কৰক




গীত 22:31
15 পৰস্পৰ সংযোগসমূহ  

যাতে ভাবী-বংশৰ সন্তান সকলে, যিসকলে এতিয়াও জন্ম গ্রহণ কৰা নাই, তেওঁলোকেও সেইবোৰ জানিব পাৰে আৰু তেওঁলোকে উঠি নিজ নিজ সন্তান সকলৰ আগত সেইবোৰ বৰ্ণনা কৰিব পাৰে।


হে প্ৰভু, তুমি সৃষ্টি কৰা সমস্ত জাতিয়ে আহি তোমাৰ আগত প্ৰণিপাত কৰিব; তেওঁলোকে তোমাৰ মহিমা কীর্তন কৰিব।


কিয়নো ইয়াত ঈশ্বৰৰ ধাৰ্মিকতা বিশ্বাসৰ পৰা বিশ্বাসলৈ প্ৰকাশিত হৈ আছে; এই বিষয়ে লিখাও আছে, “ধাৰ্মিক জন বিশ্বাসৰ দ্বাৰাই জীৱ।”


ভাৱী বংশধৰসকলৰ কাৰণে এই সকলো কথা লিখি থোৱা হ’ব, যাতে এতিয়া জন্ম নোহোৱা সন্তান সকলেও যিহোৱাৰ প্রশংসা কৰিব পাৰে।


তেওঁ আমাক খ্ৰীষ্টত ঈশ্বৰীয় ধাৰ্মিকতা স্বৰূপ হ’বলৈ, পাপ নকৰা জনকে পাপী কৰি, তেওঁকে আমাৰ পাপৰ বাবে ক্ৰুচত বলি স্বৰূপে উৎসর্গ কৰিলে।


তুমি চকু ফুৰাই চাৰিওফালে চোৱা; তেওঁলোক সকলোৱে গোট খাই তোমাৰ ওচৰ চাপিছে; তোমাৰ পুত্ৰসকল দূৰৰ পৰা আহিছে আৰু তোমাৰ জীয়েকসকলক বাহুত বুকি অনা হৈছে।


সন্তান জন্ম নিদিয়া মহিলা সকল গান গোৱা, কেতিয়াও প্ৰসৱ-বেদনা নোপোৱা মহিলা সকল, তোমালোকে আনন্দ গান আৰু উচ্চধ্বনিৰে উল্লাসিত হোৱা; কাৰণ যিহোৱাই কৈছে, বিবাহিত মহিলাৰ সন্তানতকৈ পৰিত্যক্ত মহিলাৰ সন্তান অধিক।


মই মহা-সমাজত তোমাৰ মুক্তিৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰোঁ; হে যিহোৱা, চোৱা, তুমিয়েই জানা মই যে ওঁঠ বন্ধ কৰি ৰখা নাই।


তথাপি যিহোৱাই তেওঁক আঘাতপ্রাপ্ত কৰি গুড়ি কৰিবলৈ ইচ্ছা কৰিলে; কিন্তু তোমালোকে যদি তেওঁৰ জীৱন পাপৰ বাবে উৎসর্গ কৰিব খুজিছা, তেনেহ’লে তুমি নিজৰ সন্তান সকলক দেখিবা, তেওঁৰ আয়ুস দীঘল হ’ব, আৰু যিহোৱাৰ উদ্দেশ্য তেওঁৰ যোগেদি সিদ্ধ কৰিব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন