41 তেওঁলোকে সহায়ৰ বাবে কাতৰোক্তি কৰিলে, কিন্তু তেওঁলোকক ৰক্ষা কৰিবলৈ কোনো নাছিল; তেওঁলোকে যিহোৱাৰ আগত চিঞৰিলে, কিন্তু তেওঁ উত্তৰ নিদিলে।
তাৰ সঙ্কট ঘটিলে, ঈশ্বৰে কাতৰোক্তি শুনিব নে?
সমুদায় জাতিয়ে মোক আগুৰি ধৰিলে; মই যিহোৱাৰ অধিকাৰেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ।
তেওঁলোকে মোক আগুৰি ধৰিলে, হয়, মোক আগুৰি ধৰিলে; মই যিহোৱাৰ নামেৰে তেওঁলোকক উচ্ছন্ন কৰিলোঁ।
তোমালোক যিসকলে ঈশ্বৰক পাহৰি গৈছা, তাক এবাৰ ভাৱি চোৱা; নহ’লে মই তোমালোকক ছিৰি ডোখৰ ডোখৰ কৰি পেলাম; তোমালোকক উদ্ধাৰ কৰিবলৈ কোনো নাথাকিব।
তেতিয়া তেওঁলোকে মোৰ ওচৰত প্রাৰ্থনা কৰিব, কিন্তু মই উত্তৰ নিদিম, তেওঁলোকে নিদাৰুণভাবে মোক মাতিব, কিন্তু তেওঁলোকে মোক বিচাৰি নাপাব;
সেয়ে তোমালোকে যেতিয়া প্রাৰ্থনাৰ বাবে তোমালোকৰ হাত মেলা, তেতিয়া মই তোমালোকৰ পৰা দৃষ্টি আঁতৰাওঁ; এনে কি, তোমালোকে প্ৰাৰ্থনা কৰি থাকিলেও মই নুশুনিম; তোমালোকৰ হাত নির্দোষীৰ তেজেৰে পৰিপূৰ্ণ হৈছে।
এই হেতুকে যিহোৱাই এইদৰে কৈছে: “চোৱা, তেওঁলোকে সাৰিব নোৱাৰা অমঙ্গল মই তেওঁলোকলৈ ঘটাম। তেতিয়া তেওঁলোকে মোৰ আগত কাতৰোক্তি কৰিব, কিন্তু মই তেওঁলোকৰ কথা নুশুনিম।
তেওঁলোকে লঘোন দিলেও মই তেওঁলোকৰ কাতৰোক্তি নুশুনিম আৰু তেওঁলোকে হোম ও নৈবেদ্য উৎসৰ্গ কৰিলেও তেওঁলোকক গ্ৰহণ নকৰিম; কিন্তু তৰোৱাল, আকাল, আৰু মহামাৰীৰ দ্বাৰাই মই তেওঁলোকক সংহাৰ কৰিম।”
এই হেতুকে ময়ো কোপেৰে কাৰ্য কৰিম; কৃপাদৃষ্টি নকৰিম; আৰু দয়াও নকৰিম; আৰু তেওঁলোকে বৰ মাতেৰে মোৰ কাণত কাতৰোক্তি কৰিলেও মই তেওঁলোকৰ কথা নুশুনিম।”
তেওঁলোকে নিজৰ বিচনাৰ ওপৰত বিলাপ কৰিলে, কিন্তু অন্তৰৰ পৰা মোৰ ওচৰত তেওঁলোকে কাতৰোক্তি নকৰিলে। শস্য আৰু নতুন দ্ৰাক্ষাৰস পাবৰ কাৰণে তেওঁলোক একগোট হয় আৰু মোৰ অহিতে বিদ্ৰোহ কৰে।
তেতিয়া শাসনকৰ্ত্তাসকলে যিহোৱাৰ আগত কাতৰোক্তি কৰিব, কিন্তু তেওঁ তোমালোকক উত্তৰ নিদিব। সেই সময়ত তেওঁ তোমালোকৰ পৰা মুখ লুকুৱাব, কাৰণ তোমালোকে পাপ কৰ্ম কৰিছা।”
যেতিয়া বাহিনীসকলৰ যিহোৱাই লোকসকলক মাতিছিল, তেতিয়া লোকসকলে নুশুনিলে। ‘সেই একেধৰণে’ বাহিনীসকলৰ যিহোৱাই ক’লে, “তেওঁলোকে চিঞৰি মাতিব, কিন্তু মই নুশুনিম।
কাৰণ ঘৰৰ গৰাকীয়ে উঠি দুৱাৰ বন্ধ কৰিব, তেতিয়া তোমালোকে বাহিৰত থিয় হৈ দুৱাৰত টুকুৰিয়াই ক’বা, প্ৰভু আমালৈ দুৱাৰ মেলি দিয়ক, তেওঁ উত্তৰ দি আপোনালোকক ক’ব, ‘তোমালোক কোন ঠাইৰ মানুহ, সেই বিষয়ে মই নাজানো৷’;
তেতিয়া যিহোচূৱাই সেই পাঁচজন ৰজাক আঘাত কৰি বধ কৰিলে আৰু পাঁচডাল কাঠত ওলমাই হ’ল৷ এইদৰে তেওঁলোক সন্ধ্যালৈকে কাঠত ওলমি থাকিল।