11 তেওঁলোকে মোক বিচাৰিলে আৰু এতিয়া মোক চাৰিওফালে ঘেৰি ধৰিছে; তেওঁলোকে মোৰ ওপৰত চোকা দৃষ্টি ৰাখিছে, যাতে মোক মাটিত পেলাব পাৰে।
দুখী-দৰিদ্ৰক বিনাশ কৰিবলৈ আৰু সৎ পথত চলাসকলক বধ কৰিবলৈ, দুষ্টবোৰে নিজৰ তৰোৱাল উলিয়াইছে আৰু নিজৰ নিজৰ ধনু ভিৰাইছে।
সেইবোৰে পানীৰ ঢল অহাৰ দৰে ওৰে দিনটো মোক আৱৰি ৰাখিছে; চৌদিশৰ পৰা মোক বেৰি ধৰি ৰাখিছে।
চৌল পৰ্বতৰ একাষে গ’ল, দায়ুদ আৰু তেওঁৰ লোকসকলে পৰ্বতৰ আন কাষে গ’ল। দায়ূদে চৌলৰ ভয়ত তাৰ পৰা আন ঠাইলৈ যাবলৈ লৰালৰি কৰোঁতে, তেওঁক আৰু তেওঁৰ লোকসকলক ধৰিবলৈ চৌলে নিজৰ লোকসকলৰ লগত তেওঁক বেৰি ধৰিব খোঁজোতে,