3 তোমালোকে কোনো অধিপতি বা কোনো মানুহৰ সন্তানৰ ওপৰত ভাৰসা নকৰিবা; তেওঁলোকে সহায় কৰিব নোৱাৰে।
ৰজাই ক’লে, “যিহোৱাই যদি সহায় নকৰে, তেন্তে মই ক’ৰ পৰা তোমাক সহায় কৰিব পাৰোঁ? মৰণা মৰা খলাৰ পৰা নে দ্ৰাক্ষাকুণ্ডৰ পৰা?”
সেই সময়ত হনানী দৰ্শকে যিহূদাৰ আচা ৰজাৰ ওচৰলৈ আহি তেওঁক ক’লে, “তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ ওপৰত নিৰ্ভৰ নকৰি অৰামৰ ৰজাৰ ওপৰত নিৰ্ভৰ কৰিলা; এই কাৰণে অৰামৰ ৰজাৰ সৈন্য-সামন্ত তোমাৰ হাতৰ পৰা পলাই সাৰিল।
শত্ৰুৰ বিৰুদ্ধে তুমি আমাক সহায় কৰ; কিয়নো মানুহৰ সাহার্য বৃথা।
শত্ৰুৰ বিৰুদ্ধে আমাক সহায় কৰা; কিয়নো মানুহৰ সহায় বৃথা।
অৱশ্যে সামান্য লোকসকল অসাৰ আৰু মান্যৱন্ত লোকসকল মিছা; তেওঁলোক তৰ্জুত দাং খাব; ভাপতকৈয়ো তেওঁলোক একেবাৰে ওজনহীন।
নাকেৰে নিশ্বাস লোৱা মানুহক বিশ্বাস কৰিবলৈ এৰা; কিহৰ বাবে তেওঁ গণ্য হ’ব পাৰে?
সেই দিনা বাহিনীসকলৰ যিহোৱাই কৰা ঘোষণা এই, “দৃঢ় স্থানত মৰা খুটিটো খহি পৰিব, বিছিন্ন হ’ব, পতিত হ’ব, আৰু তাৰ ওপৰত আৰি থোৱা ভাৰ বিচ্ছিন্ন হ’ব” কিয়নো যিহোৱাই এই কথা ক’লে।
মিচৰীয়াসকল মানুহ মাথোন, ঈশ্বৰ নহয়; ঘোঁৰাবোৰো মাংস মাত্ৰ, আত্মা নহয়। যিহোৱাই যেতিয়া নিজৰ হাত মেলিব; তেতিয়া সহায় কৰা জনে উজুটি খাব, আৰু সহায় পোৱা জনেও পতিত হ’ব; দুয়ো একে লগে বিনষ্ট হ’ব।
যিচয়াই তেওঁলোকক ক’লে, “তোমালোকৰ গৰাকীক কোৱা, যিহোৱাই কৈছে, “তুমি যি বাক্য শুনিলা, আৰু যিহৰ দ্বাৰাই ৰজা অচূৰীয়াৰ দাসবোৰে মোক নিন্দা কৰিলে, এই সকলো কথালৈ ভয় নকৰিবা।