3 শত্ৰুৱে মোক পাছে পাছে খেদি আহিল, তেওঁ মোক মাটিত পেলাই মোৰ জীৱন ছিন্ন-ভিন্ন কৰিলে, দীর্ঘ দিনৰ আগেয়ে মৃত হোৱা লোকৰ দৰে তেওঁ মোক অন্ধকাৰময় ঠাইত বসতি কৰালে।
তেতিয়া যোৱাবে সেই বাতৰি দিয়া মানুহ জনক ক’লে, “যদি তুমি তেনেকুৱা দেখিছিলা, তেনেহ’লে কিয় সেই ঠাইতে তেওঁক মাৰি মাটিত নেপেলালা? তাকে কৰা হ’লে, মই তোক দহ চেকল ৰূপ আৰু এগজ টঙালি দিলোঁহেঁতেন।”
গতিকে অবনেৰে অচাহেলক পুনৰায় ক’লে, “মোৰ পাছৰ পৰা ঘূৰা; মই কিয় তোমাক আঘাত কৰি মাটিত পেলাম? আৰু তাকে কৰিলে তোমাৰ ককায়েৰ যোৱাবৰ আগত মই কিদৰে মুখ দেখুৱাম?”
তুমি মোৰ কাকুতিলৈ মনোযোগ দিয়া, কিয়নো মই অতি অসহায় অৱস্থাত পৰিছোঁ; মোৰ তাড়নাকাৰীবোৰৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, কাৰণ তেওঁলোক মোতকৈ শক্তিশালী।
যিসকলে মোৰ প্ৰাণ বিচাৰে, তেওঁলোক লজ্জিত আৰু অপমানিত হওঁক; যিসকলে মোৰ সর্বনাশলৈ পৰিকল্পনা কৰে, তেওঁলোক উলটি যাওঁক, হতাশ হওঁক।
কিয়নো অন্য জাতিৰ লোকসকল মোৰ বিৰুদ্ধে উঠিছে, হৃদয়হীন লোকে মোৰ প্ৰাণ লবলৈ বিচাৰিছে; তেওঁলোকে নিজৰ সন্মুখত ঈশ্বৰক ঠাই নিদিয়ে। [চেলা]
তেনেহলে শত্রুৱে মোৰ পাছে পাছে খেদি গৈ মোক ধৰক, সিহঁতে মোক মাটিত পেলাই ভৰিৰে গচকক, মোৰ মান-সন্মান ধূলিত মিলাই দিয়ক। (চেলা)
হে যিহোৱা, তুমি ক্ৰোধেৰে উঠা, মোৰ শত্রুবোৰৰ ক্রোধৰ বিৰুদ্ধে নিজকে তুলি ধৰা, মোৰ অৰ্থে তুমি সাৰ পোৱা; হে মোৰ ঈশ্বৰ, তুমি এক সোধ-বিচাৰ ধার্য কৰিছা।
বহু সময় ধৰি মৃত্যু হোৱা মানুহৰ দৰে, তেওঁ মোক অন্ধকাৰ ঠাইবোৰত বাস কৰালে।
আৰু ঈশ্বৰে মোক ক’লে, “হে মনুষ্য সন্তান, এই হাড়বোৰেই ইস্ৰায়েলৰ গোটেই বংশ। চোৱা! তেওঁলোকে কয়, ‘আমাৰ হাড়বোৰ শুকাল, আৰু আমাৰ আশা নাইকিয়া হ’ল, আমি নিচেইকৈ উচ্ছন্ন হ’লো!’
হে মোৰ শত্রু, মোৰ অহিতে আনন্দ নকৰিবা; মই পৰি যোৱাৰ পাছত, পুনৰ উঠিম, মই যেতিয়া অন্ধকাৰত বহোঁ, তেতিয়া যিহোৱা মোৰ বাবে পোহৰ হয়।