3 মোৰ আত্মা যেতিয়া অন্তৰত ব্যাকুল হয়, তেতিয়া তুমি মোৰ পথ জানা; মই অহা-যোৱা কৰা পথত লোকবোৰে মোৰ বাবে গোপনে ফান্দ পাতিলে;
কিন্তু মই যি পথ ধৰিছোঁ, তাক তেওঁ জানে; তেওঁ মোক পৰীক্ষা কৰা হলে, মই সোণৰ দৰে ওলালোহেঁতেন।
কাৰণ যিহোৱাই ধাৰ্মিকসকল চলা পথত সতর্ক দৃষ্টি ৰাখে, কিন্তু দুষ্টবোৰৰ পথৰ অন্ত হ’ব সৰ্ব্বনাশ।
হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা; মোৰ কাতৰোক্তি তোমাৰ আগত উপস্থিত হওক।
ৰ’দৰ তাপত লেৰেলি যোৱা ঘাঁহৰ নিচিনাকৈ মোৰ হৃদয় শুকাই গৈছে; এনে কি মই ভোজন কৰিবলৈও পাহৰি যাওঁ।
অহঙ্কাৰীবোৰে মোলৈ গুপুতে ফান্দ প্রস্তুত কৰিলে; তেওঁলোকে জৰীবোৰ জালৰ দৰে মেলিলে; তেওঁলোকে বাটৰ কাষত মোলৈ ফান্দ পাতিলে। [চেলা]
তেওঁলোকে মোৰ কাৰণে যি জাল পাতিছে, তাৰ পৰা মোক ৰক্ষা কৰা, অধার্মিকবোৰৰ ফান্দৰ পৰা মোক ৰক্ষা কৰা।
সেইবাবে মোৰ আত্মা অন্তৰত ব্যাকুল হৈছে; মোৰ অন্তৰত মন অসাৰ হৈ পৰিছে।
যদি তুমি মোৰ হৃদয় পৰীক্ষা কৰা; ৰাতি মোৰ কাষলৈ আহাঁ; যদি মোক খপি পুৰি পৰীক্ষাও কৰা, তুমি মোত একো দুষ্টতা বিচাৰি নাপাবা; মই সিদ্ধান্ত কৰিলোঁ, মোৰ মুখে অপৰাধ নকৰে।
মোক পানীৰ দৰে ঢালি পেলোৱা হ’ল, মোৰ গোটেই হাড়ৰ জোৰা লৰিল; মোৰ অন্তৰ মমৰ নিচিনা হৈ মোৰ বুকুতে গলি গলি গৈছে;
মোৰ কাৰণে গোপনে পতা জালৰ পৰা তুমি মোক উদ্ধাৰ কৰা; কাৰণ তুমিয়েইতো মোৰ আশ্ৰয়।
সিহঁতে গোট খাই লুকাই থাকে; সিহঁতে মোৰ প্ৰাণলৈ অপেক্ষা কৰি থকাৰ দৰে, মোৰ ভৰিৰ খোজলৈ লক্ষ্য কৰে।
মোৰ মন দুখত যেতিয়া ভাঙি পৰে, মই পৃথিবীৰ অন্তত থাকিলেও তাৰ পৰা তোমাক মাতিম; তুমি মোক মোতকৈ ওখ শিলটোলৈ লৈ যোৱা য’ত মোৰ নিৰাপত্তা আছে।
অৱশ্যে সামান্য লোকসকল অসাৰ আৰু মান্যৱন্ত লোকসকল মিছা; তেওঁলোক তৰ্জুত দাং খাব; ভাপতকৈয়ো তেওঁলোক একেবাৰে ওজনহীন।
মই যেতিয়া ঈশ্বৰক চিন্তা কৰোঁ, তেতিয়া ক্রন্দন কৰোঁ; মই মনতে চিন্তা কৰোঁ আৰু মোৰ প্রাণ নিৰাশ হৈ পৰে। [চেলা]
তুমি তেওঁলোকলৈ অকস্মাতে সৈন্য এদল আনিলে তেওঁলোকৰ ঘৰবোৰৰ পৰা এটি চিঞঁৰ শুনা যাওঁক; কিয়নো তেওঁলোকে মোক ধৰিবলৈ এটা গাত খানিলে, আৰু মোৰ ভৰিলৈ ফান্দ পাতিলে!
উঠা আৰু প্ৰত্যেক প্ৰহৰৰ আৰম্ভণতে ৰাতি চিঞৰি কান্দা প্ৰভুৰ আগত তোমাৰ হৃদয় পানীৰ দৰে ঢালি দিয়া। তোমাৰ যি শিশুসকলক প্ৰত্যেক আলিৰ মূৰত ভোকত মূৰ্চ্ছিত হৈছে, তেওঁলোকৰ প্ৰাণৰক্ষাৰ অৰ্থে তেওঁলৈ হাত তোলা।”
তাৰ পাছত ফৰীচী সকল গ’ল, আৰু কেনেকৈ যীচুক নিজে কোৱা কথাত তেওঁলোকে বন্দী কৰিব পাৰে, সেই বিষয়ে পৰিকল্পনা কৰিব ধৰিলে৷