15 যি জনাই ফৰৌণ আৰু তেওঁৰ সৈন্য সমূহক চূফ সাগৰত পেলাই দিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।
হে মিচৰ, তেওঁ তোমাৰ মাজত চিন আৰু অদ্ভুত লক্ষণবোৰ পঠালে; ফৰৌণ আৰু তেওঁৰ সকলো পৰিচাৰকৰ বিৰুদ্ধে পঠাই দিলে।
তোমাৰ সুস্থিৰ প্রেমেৰে মোৰ শত্ৰুবোৰক উচ্ছন্ন কৰা; মোৰ সকলো বিপক্ষবোৰক তুমি ধ্বংস কৰা, কিয়নো মই তোমাৰ দাস।
তোমাৰ ধাৰ্মিকতাৰে উত্তৰ দি আশ্চর্যজনক কার্য কৰিবা; ঈশ্বৰ আমাৰ উদ্ধাৰকর্তা; পৃথিবীৰ অন্তলৈকে তুমি আমাৰ বিশ্বাসভূমি; সমুদ্ৰ আৰু সেইবোৰৰ পৰা দূৰৈত থকা সকলৰো।
তেওঁ তেওঁলোকক নিৰাপদে, কোনো ভয় নথকাকৈ চলাই আনিলে; কিন্তু সাগৰে তেওঁলোকৰ শত্রুবোৰক ঢাকিলে।