Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




গীত 136:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 যি জনাই পৰাক্ৰমী হাত আৰু মেলা বাহুৰে তেওঁলোকক উলিয়াই আনিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।

অধ্যায়টো চাওক কপি কৰক




গীত 136:12
10 পৰস্পৰ সংযোগসমূহ  

তুমি নানা চিন, বিস্মিত লক্ষণ, বলী হাত, মেলা বাহু আৰু মহাভয়ানকতাৰে তোমাৰ প্ৰজা ইস্ৰায়েলৰ লোকসকলক মিচৰ দেশৰ পৰা উলিয়াই আনিছিলা।


ঈশ্বৰ যিহোৱাই কেতিয়াবা এখন দেশৰ পৰা আন এখন দেশলৈ তেওঁক লৈ যাবলৈ চেষ্ঠা কৰিছে নে, তেওঁ তেওঁৰ বিচাৰ, চিন আৰু আচৰিত কার্য, যুদ্ধ আৰু ক্ষমতাশালী হাত, আৰু তেওঁৰ মহান শক্তি প্রর্দশন কৰি আৰু ভয়ানক কাৰ্যৰ দ্বাৰাই মিচৰত যিহোৱাই আপোনাৰ সন্মুখত এই সকলো কার্য কৰা নাছিল নে?


তেওঁলোকে নিজৰ তৰোৱালৰ দ্বাৰাই সেই দেশ অধিকাৰ কৰা নাছিল, নিজৰ বাহুৰ শক্তিত জয় লাভ কৰা নাছিল; কিন্তু তোমাৰ সোঁ হাত, তোমাৰ বাহু, আৰু তোমাৰ মুখৰ দীপ্তিয়েহে তাক কৰিছিল; কিয়নো আমাৰ লোকসকলৰ ওপৰত তোমাৰ অনুগ্ৰহ আছিল।


এই হেতুকে ইস্ৰায়েলী লোক সকলক কোৱা, ‘মই যিহোৱা; মই মিচৰীয়া সকলৰ বন্দীত্বৰ পৰা তোমালোকক উলিয়াই আনিম, আৰু মই তেওঁলোকৰ ক্ষমতাৰ পৰা তোমালোকক মুক্ত কৰিম। মই মোৰ শক্তি প্রদর্শন কৰিম; আৰু ন্যায় বিচাৰৰ মহা-কৰ্মেৰে তোমালোকক উদ্ধাৰ কৰিম।


হে যিহোৱা, আপোনাৰ সোঁ হাত, পৰাক্ৰমত মহিমান্বিত হ’ল; হে যিহোৱা, আপোনাৰ সোঁ হাতে শত্ৰুক গুড়ি কৰিছে।


পাছত তোমালোকৰ পুত্ৰই যেতিয়া ‘ইয়াৰ অৰ্থ কি’ বুলি সুধিব?’ তেতিয়া তুমি তাক ক’বা যে, “যিহোৱাই বাহুবলেৰে মিচৰৰ বন্দী ঘৰৰ পৰা আমাক উলিয়াই আনিলে।


মোচিয়ে মিচৰ দেশত, লোহিত সাগৰত আৰু মৰুভুমিৰ মাজত চল্লিশ বছৰলৈকে নানা অদ্ভুত লক্ষণ আৰু আচৰিত চিন দেখুৱাই তেওঁলোকক মিচৰৰ পৰা বাহিৰ কৰি আনিলে।


মোচিয়ে লোকসকলক ক’লে, “তোমালোকে বন্দী-ঘৰস্বৰূপ মিচৰৰ পৰা ওলাই অহা এই দিন সোঁৱৰণ কৰিবা; কাৰণ যিহোৱাই তেওঁৰ বাহু-বলেৰে আপোনালোকক সেই ঠাইৰ পৰা উলিয়াই আনিলে। খমীৰ দিয়া পিঠা আৰু ভোজন কৰা নহব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন