3 হে যিহোৱা, তুমি যদি অপৰাধ ধৰি ৰাখা, তেন্তে প্রভু, কোন তিষ্ঠি থাকিব পাৰে?
হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, আপুনি ধৰ্মপৰায়ণ, কাৰণ আজি আমি অতি কম সংখ্যক ৰক্ষা পোৱা লোকহে অৱশিষ্ট আছোঁ। চাওক! আমি আমাৰ দোষেৰে সৈতে আপোনাৰ সাক্ষাতে আছোঁ, ইয়াৰ ফলত আমি কোনেও কোনে এজনো আপোনাৰ সাক্ষাতে থিয় হ’ব নোৱাৰোঁ।”
মই পাপ কৰিলে তুমি মোক চিনি ৰাখিবা, আৰু মোৰ অপৰাধ ক্ষমা নকৰিবা;
মৰ্ত্ত্য নো কি যে, তেওঁ শুচি হ’ব পাৰে? তিৰোতাৰ পৰা জন্মা মনুষ্যই বা কি, তেওঁ যে ধাৰ্মিক হ’ব পাৰে?
মই ধাৰ্মিক হলেও মোৰ মুখে মোক দোষী কৰিব; মই সিদ্ধ হলেও তেওঁ মোক অপৰাধী পাতিব।
তোমাৰ দাসক বিচাৰলৈ নিনিবা; কিয়নো তোমাৰ দৃষ্টিত কোনো জীৱিত লোক ধাৰ্মিক নহয়।
তুমি, হয় তুমিয়েই আতঙ্কজনক; তোমাৰ ক্ৰোধ উঠিলে কোনে তোমাৰ আগত থিয় হ’ব পাৰে?
আমি সকলোৱে মেৰ-ছাগৰ দৰে অপথে গৈছিলোঁ; আমি প্ৰতিজনে নিজৰ নিজৰ পথে ঘুৰিছিলোঁ, আৰু যিহোৱাই আমাৰ সকলোৰে ঘোৰ অধর্মৰ ভাৰ তেওঁৰ ওপৰত দিলে।
তেওঁৰ ক্ৰোধৰ আগত কোনে থিয় হ’ব পাৰে? তেওঁৰ প্ৰচণ্ড ক্রোধক কোনে সহ্য কৰিব পাৰে? তেওঁৰ প্ৰচণ্ড ক্রোধৰ সন্মুখত কোনে থিয় হ’ব পাৰে? তেওঁৰ ক্ৰোধ অগ্নিৰ দৰে আহে আৰু তেওঁৰ দ্বাৰাই শিলবোৰ ডোখৰ ডোখৰকৈ ভঙা হয়।
কিন্তু তেওঁৰ আগমনৰ দিন কোনে সহিব পাৰিব? তেওঁ উপস্থিত হ’লে কোনে থিয় হৈ থিৰেৰে থাকিব পাৰিব? কিয়নো তেওঁ শোধন কৰা একুৰা জুইৰ তুল্য আৰু ধোবাৰ চাবোনৰ তুল্য।
তোমাৰ দাস অব্ৰাহাম, ইচহাক, আৰু যাকোবক সোঁৱৰণ কৰা; এই লোকসকলৰ ঠৰডিঙীয়া স্বভাৱ, দুষ্টতা আৰু পাপলৈ দৃষ্টি নকৰিবা;
কিয়নো তেওঁলোকৰ ক্ৰোধৰ সেই মহা-দিন আহিল আৰু সেইদিন কোনে সহিব পাৰে?”