88 তোমাৰ গভীৰ প্রেমত তুমি মোক সঞ্জীৱিত কৰা, তাতে মই তোমাৰ মুখৰ আজ্ঞাবোৰ পালন কৰিম।
তোমাৰ গভীৰ প্রেম অনুসাৰে তোমাৰ দাসলৈ ব্যৱহাৰ কৰা; তোমাৰ বিধিবোৰ মোক শিকোঁৱা।
মই তোমাকেই মাতিছো, মোক উদ্ধাৰ কৰা; মই তোমাৰ সকলো আজ্ঞা মানি চলিম।
তোমাৰ গভীৰ প্রেম অনুসাৰে মোৰ স্বৰ শুনা; হে যিহোৱা, তোমাৰ ব্যৱস্থা অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।
চোৱা, মই তোমাৰ আদেশবোৰ কিমান যে ভাল পাওঁ! হে যিহোৱা, তোমাৰ সুস্থিৰ প্রেম অনুসাৰে মোক পুনৰায় সঞ্জীৱিত কৰা।
ধন্য সেইসকল, যিসকলে তেওঁৰ আজ্ঞাবোৰ পালন কৰে; যিসকলে সমস্ত মনেৰে সৈতে তেওঁক বিচাৰে।
মোৰ প্রাণ ধুলিত সংলগ্ন; তোমাৰ বাক্য অনুসাৰে মোক সঞ্জীৱিত কৰা।
চোৱা, মই তোমাৰ আদেশবোৰলৈ আকাংক্ষা কৰি আছোঁ; তোমাৰ ধাৰ্মিকতাৰে মোক সঞ্জীৱিত কৰা।
তোমাৰ সন্তান সকলে যদি মোৰ নিয়মটি পালন কৰে, আৰু মই দিয়া আদেশবোৰ মানি চলে, যিবোৰ মই তেওঁলোকক শিকাম, তেন্তে তেওঁলোকৰ সন্তান সকলেও চিৰকাললৈকে তোমাৰ সিংহাসনত বহিব।”
যিসকলে যিহোৱাৰ ব্যৱস্থা আৰু বিধিবোৰ পালন কৰে, তেওঁলোকলৈ তেওঁৰ সকলো পথেই অসীম প্রেম আৰু বিশ্ৱস্ততাৰে পৰিপূর্ণ।
কিয়নো তেওঁ যাকোবৰ বংশৰ মাজত এক আজ্ঞা জাৰি কৰি বিধি স্থাপন কৰিলে, ইস্ৰায়েল জাতিৰ কাৰণে এক ব্যৱস্থা নিৰূপিত কৰিলে; তেওঁ আমাৰ পূর্বপুৰুষসকলক সেই ব্যৱস্থাৰ বিষয়ে নিজৰ ল’ৰা-ছোৱালীবোৰক শিক্ষা দিবলৈ আজ্ঞা দিলে।