82 তোমাৰ বাক্যৰ প্রতিজ্ঞা পূর্ণ হোৱাৰ অপেক্ষাত মোৰ চকু সোমাই গৈছে; মই সুধিলো, “কেতিয়া তুমি মোক সান্ত্বনা দিবা?”
তোমাৰ ধাৰ্মিকযুক্ত প্রতিজ্ঞা পূর্ণ হোৱালৈ আৰু তোমাৰ পৰিত্ৰাণৰ বাবে অপেক্ষা কৰি মোৰ চকু দুর্বল হৈ গৈছে।
মই কান্দি কান্দি ভাগৰিলোঁ, মোৰ ডিঙি শুকাই গ’ল; মই ঈশ্বৰলৈ বাট চাই থাকোঁতে থাকোঁতে, মোৰ চকু দুৰ্ব্বল হৈ পৰিল।
মোক তোমাৰ কৰুণাৰ এটি চিন দেখুৱা, যাতে মোক যি সকলে ঘৃণা কৰে তেওঁলোকে তাকে দেখি লাজ পায়; কাৰণ, হে যিহোৱা, তুমিয়েই মোক সহায় কৰিলা আৰু শান্তনা দিলা।
যেতিয়া আশা সিদ্ধ হ’বলৈ পলম হয়, তেতিয়া হৃদয় ভাগি পৰে; কিন্তু আকাংক্ষা সিদ্ধ হোৱাই জীৱনৰ বৃক্ষৰ দৰে।
মই কৈছিলোঁ যে, “মই জীৱিত লোকৰ দেশত যিহোৱাক আৰু দেখিবলৈ নাপাম; পৃথিৱীৰ নিবাসী বা মনুষ্যক মই আৰু নাচাও।
মোৰ চকু-লো বন্ধ হৈ ৰঙা হ’ল; মোৰ হৃদয় অত্যন্ত দুখিত হৈছে। মোৰ জাতিস্বৰূপ জীয়াৰীৰ লোকসকলৰ ধ্বংসৰ কাৰণে মোৰ কলিজাৰ পিত্তপানী মাটিত ঢলা হৈছে, কিয়নো নগৰৰ বাটবোৰত শিশু আৰু পিয়াহ খোৱা কেঁচুৱাসকল মুৰ্চ্ছিত হৈছে আৰু মৃত্যুৰ মুখত পৰিছে।
আপোনালোকৰ ল’ৰা, ছোৱালীক আন জাতিৰ লোকসকলে লৈ যাব আৰু গোটেই দিন তেওঁলোকলৈ বাট চাওঁতেই চকু বিষাব; আৰু আপোনালোক ক্লান্ত হৈ পৰিব, আপোনালোকক ৰক্ষা কৰোঁতা কোনো নাথাকিব।