23 যদি শাসনকর্তাসকলেও বহি মোৰ অহিতে কথা কয়, তথাপিও তোমাৰ দাসে তোমাৰ বিধিবোৰ ধ্যান কৰিব।
মই তোমাৰ আদেশবোৰ ধ্যান কৰিম, তোমাৰ সকলো পথলৈ মনোযোগ দিম।
অধিকাৰীসকলে মোক অকাৰণে তাড়না কৰে; কিন্তু মোৰ হৃদয়ে তোমাৰ বাক্যলৈ ভয় ৰাখে।
পাছত দিন হ’লত, প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলৰ সৈতে লোক সকলৰ পৰিচাৰক সকল গোট খালে৷ তেওঁলোকে তেওঁক মহাসভালৈ আনিলে,
কিন্তু যিচয়ৰ পুতেক যেতিয়ালৈকে পৃথিবীত জীয়াই থাকিব, তেতিয়ালৈকে তই থিৰে থাকিব নোৱাৰিবি, আৰু তোৰ ৰজাও থিৰে নাথাকিব; এই হেতুকে এতিয়া মানুহ পঠাই তাক মোৰ আগলৈ আন; কিয়নো সি মৰিবই লাগিব”;