147 মই প্রভাতৰ আগেয়েই সহায়ৰ কাৰণে কাতৰোক্তি কৰিলোঁ; তোমাৰ বাক্যবোৰত আশা কৰিলোঁ।
হে নেবল আৰু বীণা, সাৰ পোৱা; মই প্ৰভাতক জগাম।
তোমাৰ সত্যৰ বাক্য মোৰ মুখৰ পৰা কাঢ়ি নলবা; কিয়নো তোমাৰ শাসন-প্ৰণালীৰ ওপৰত মোৰ আশা আছে।
তোমাক ভয় কৰাসকলে মোক দেখি আনন্দিত হ’ব; কিয়নো মই তোমাৰ বাক্যত আশা কৰিলোঁ।
তুমি মোক ৰক্ষা কৰাৰ প্রতীক্ষাত থাকোতে থাকোতে মোৰ প্রাণ ক্রমশঃ অৱশ হৈ গৈছে; মই তোমাৰ বাক্যত আশা কৰিছোঁ।
তুমি তেওঁলৈ মঙ্গলৰ নানা আশীৰ্ব্বাদ আনিলা, তুমি তেওঁৰ মূৰত নিভাঁজ সোণৰ কিৰীটি দিলা।
যিহোৱাই দিনত তেওঁৰ গভীৰ প্রেমক মোৰ ওপৰত আদেশ কৰে আৰু ৰাতি তেওঁৰ গীত মোৰ সঙ্গী হয়; মোৰ জীৱনদাতা ঈশ্বৰলৈ মোৰ প্ৰাৰ্থনা।
হে যিহোৱা, প্রতি ৰাতিপুৱাতে তুমি মোৰ মাত শুনিবলৈ পোৱা; ৰাতিপুৱাই মই তোমাৰ সন্মুখত মোৰ নিবেদন উৎসৰ্গ কৰি বাট চাই থাকো।
মই ঈশ্বৰত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম; মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰোঁ; মাংসই মোক কি কৰিব পাৰে?
হে মোৰ হৃদয়, সাৰ পোৱা; হে নেবল আৰু বীণা, সাৰ পোৱা; মই প্ৰভাতক জগাম।
হে যিহোৱা, মই, মই হলে তোমাৰ ওচৰত কাকুতি কৰি কান্দিছোঁ, ৰাতিপুৱাতেই তোমাৰ আগত মোৰ প্ৰাৰ্থনা গৈ উপস্থিত হয়।
তোমাৰ আগত মোৰ প্রার্থনা উপস্থিত হওঁক; তুমি মোৰ কাতৰোক্তিলৈ কাণ পাতা।
ৰাতি মোৰ প্ৰাণে সৈতে মই আপোনালৈ হাবিয়াহ কৰিলোঁ; এনে কি, মোৰ আত্মাৰে সৈতে যত্নেৰে আপোনাক বিচাৰিম; কিয়নো পৃথিৱীত আপোনাৰ বিচাৰ অহাৰ সময়ত পৃথিৱীৰ নিবাসীসকলে ধাৰ্মিকতা শিকে।
অতি ৰাতিপুৱা প্ৰায় আন্ধাৰ হৈ থাকোতেই তেওঁ উঠি, বাহিৰলৈ ওলাই গৈ নির্জন ঠাইত প্ৰাৰ্থনা কৰি আছিল।