126 হে যিহোৱা, এতিয়া তোমাৰ কাৰ্য কৰাৰ সময় হৈছে, কিয়নো লোকসকলে তোমাৰ ব্যৱস্থা অমান্য কৰিলে।
তাৰবাবে অব্ৰাহামে সেই ঠাইৰ নাম যিহোৱা-যিৰি ৰাখিলে; সেয়ে আজিও লোকে এইবুলি কয়, “যিহোৱাৰ পাহাৰত যিহোৱায়ে যোগাই দিব।”
তেতিয়া এলিয়াই উত্তৰ দিলে, “মই বাহিনীসকলৰ ঈশ্বৰ যিহোৱাৰ পক্ষে অতিশয় উদ্যোগী, কিয়নো ইস্ৰায়েলৰ সন্তান সকলে আপোনৰ নিয়মটি ত্যাগ কৰিলে, আপোনাৰ যজ্ঞ-বেদীবোৰ ভাঙি পেলালে, ভাববাদীসকলক তৰোৱালৰ দ্বাৰাই বধ কৰিলে। কেৱল মইহে অৱশিষ্ট আছোঁ আৰু তেওঁলোকে মোৰো প্ৰাণ ল’বলৈ বিচাৰি আছে।”
তুমি উঠিবা, চিয়োনলৈ কৃপা কৰিবা; এতিয়াই তাৰ প্রতি দয়া কৰাৰ সময় হৈছে, কাৰণ নিৰূপিত সময় উপস্থিত হ’ল।
তোমাৰ দাসবোৰৰ ওচৰত তাৰ শিলবোৰ প্রিয়, তাৰ ধুলিকণাৰ ওপৰতো তেওঁলোকৰ মমতা আছে।
হে যিহোৱা, তুমি উঠা; মানুহক তোমাৰ ওপৰত জয়ী হ’বলৈ নিদিবা; তোমাৰ সন্মুখত আন জাতিবোৰৰ বিচাৰ হওঁক।
মই বহু সময়ৰ বাবে নিজম দি থাকিলোঁ, এতিয়াও মই মোখ বন্ধ কৰিম, কিন্তু এতিয়া মই প্ৰসৱ কৰা তিৰোতাৰ দৰে চিঞৰিম, একেবাৰে নেথাম আৰু ঘনকৈ উশাহ ল’ম।
“আমি জ্ঞানী, আৰু যিহোৱাৰ ব্যৱস্থা আমাৰ লগত আছে”, এই বুলি তোমালোকে কেনেকৈ ক’ব পাৰা? কিন্তু চোৱা! লিখকসকলৰ মিছাকৈ লিখা লিখনীয়ে তাক মিছা কৰি পেলালে।
সেই কাৰণে বিধান দুৰ্বল হৈছে, আৰু ন্যায় বিচাৰ বহুদিনলৈকে নাথাকিব। দুষ্টই ধাৰ্মিকক চাৰিওফালে বেৰি ধৰাৰ কাৰণে, ভুল বিচাৰ হয়।”
কিন্তু তোমালোকে হ’লে সত্যৰ পথৰ পৰা এফলীয়া হৈ গ’লা; ব্যৱস্থা সম্পর্কীয় শিক্ষাত অনেকক উজুটি খুৱালা। এইদৰে লেবীৰ সৈতে হোৱা মোৰ নিয়মটি তোমালোকে নষ্ট কৰিলা।” ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।
তেনেহলে পিতৃ-মাতৃৰ প্ৰতি তেওঁ কোনো সন্মান কৰাৰ প্ৰয়োজন নাই। এইদৰে আপোনালোকৰ পুৰুষে পুৰুষে চলি অহা বিধানৰ কাৰণেই আপোনালোকে ঈশ্বৰৰ বাক্য মূল্যহীন কৰিছে।
তেনেহলে আমি বিশ্বাসৰ দ্বাৰাই বিধান লুপ্ত কৰিছোঁ নে? এনে যেন কেতিয়াও নহওক; ইয়াৰ পৰিৱর্তে অামি বিধান স্থিৰহে কৰিছোঁ।
কিয়নো বিধানৰ দ্বাৰাই ধাৰ্মিক হোৱা সকল যদি উত্তৰাধিকাৰী হয়, তেনেহলে বিশ্বাস ব্যৰ্থ হ’ল আৰু সেই প্ৰতিজ্ঞাও বিফল হ’ল;
যিহোৱাই যেতিয়া দেখিব যে, তেওঁৰ লোকসকলৰ শক্তি নোহোৱা হৈছে, বন্দী কি স্বাধীন কাৰো শক্তি নোহোৱা হৈছে, তেতিয়া অৱশ্যেই যিহোৱাই তেওঁৰ লোকসকলৰ পক্ষ লব, তেওঁৰ দাসবোৰক কৃপা কৰিব।