Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




গীত 113:9 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

9 তেওঁ বন্ধ্যা মহিলাক সুখী মাতৃ কৰি পৰিয়াল দান কৰে। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

অধ্যায়টো চাওক কপি কৰক




গীত 113:9
10 পৰস্পৰ সংযোগসমূহ  

অকলশৰীয়াসকলে বাস কৰি থাকিবলৈ ঈশ্বৰে পৰিয়াল দান কৰে; তেওঁ বন্দীসকলক মুক্ত কৰি উন্নতিৰ অৱস্থালৈ আনে; কিন্তু বিদ্ৰোহীসকলে শুকান ভূমিত বাস কৰে।


তৃপ্ত হোৱাসকলে আহাৰৰ ববে কাম কৰিব লগা হ’ল, ভোকত থকা সকলৰ খাদ্যৰ অভাৱ নহ’ল৷ সন্তানহীনাই সাতোটা সন্তান প্ৰসৱ কৰিলে, অধিক সন্তান থকা জনী নিশকতীয়া হৈ গ’ল৷


সন্তান জন্ম নিদিয়া মহিলা সকল গান গোৱা, কেতিয়াও প্ৰসৱ-বেদনা নোপোৱা মহিলা সকল, তোমালোকে আনন্দ গান আৰু উচ্চধ্বনিৰে উল্লাসিত হোৱা; কাৰণ যিহোৱাই কৈছে, বিবাহিত মহিলাৰ সন্তানতকৈ পৰিত্যক্ত মহিলাৰ সন্তান অধিক।


কিয়নো লিখা আছে, “হে প্ৰসৱ নকৰা বন্ধ্যা আনন্দ কৰা, তোমালোকৰ মাজৰ যি গৰাকীয়ে সন্তান প্ৰসৱ কৰা নাই; বৰ মাতেৰে উল্লাস আৰু হৰ্ষনাদ কৰা; কিয়নো গিৰিয়েক থকা জনীতকৈ অনাথিনী জনীৰ সন্তান অধিক হব।”


ইচহাকৰ ভাৰ্যা নিঃসন্তান আছিল বাবে ইচহাকে তেওঁৰ বাবে যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলে; তাতে যিহোৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁৰ ভাৰ্যা ৰিবেকা গৰ্ভৱতী হ’ল।


কিন্তু যদি সেই মহিলা অশুচি নহৈ, শুচি আছে, তেন্তে তাই শাওৰ পৰা মুক্ত হ’ব আৰু গৰ্ভধাৰণ কৰিব।


পাছত মহিলাগৰাকী গর্ভৱতী হ’ল আৰু ইলীচাই যেনেকৈ কৈছিল ঠিক সেইদৰেই পিছৰ বছৰৰ একে সময়ত তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন