Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




গীত 113:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

7 তেওঁ ধুলিৰ পৰা দুখীয়াক উঠায়, সাৰৰ দ’মৰ পৰা দীনহীনক তোলে,

অধ্যায়টো চাওক কপি কৰক




গীত 113:7
20 পৰস্পৰ সংযোগসমূহ  

“যদিও মই তোমাক ধূলিৰ পৰা তুলি মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত তোমাক অধিপতি পাতিলোঁ, তথাপিও তুমি যাৰবিয়ামৰ পথত চলিলা আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ পাপৰ দ্বাৰাই মোৰ ক্রোধ জন্মাবলৈ তেওঁলোকক পাপত লিপ্ত কৰিবলৈ দিলা।


ফলত তেওঁ ছাঁইৰ মাজত বহি পৰিল আৰু এডোখৰ খোলা লৈ নিজৰ গা চুঁচিবলৈ ধৰিলে।


তেওঁ নীহলোকক ওখ কৰে, আৰু শোকাতুৰ লোকসকল সৌভাগ্যলৈ উন্নত হয়।


কিন্তু তেওঁ দৰিদ্ৰক দুখৰ পৰা তুলি আনি উচ্চ পদত স্থাপন কৰে, আৰু মেৰ-ছাগৰ জাকৰ নিচিনাকৈ তেওঁৰ পৰিয়ালৰ যত্ন লয়।


মাটিৰ পাত্রৰ শুকান টুকুৰা এটাৰ দৰে মোৰ শক্তি শুকাই আহিছে; মোৰ জিভা তালুত লাগি ধৰিছে; তুমি মোক মৃত্যুৰ ধুলিত শুৱাই ৰাখিছা।


আপোনাৰ মৃত লোকসকল পুনৰায় জীব,আমাৰ মৰা শৱবোৰ আকৌ উঠিব; হে ধুলিত স্থাপিত হোৱা সকল সাৰ পোৱা আৰু গান কৰা; কিয়নো তোমাৰ নিয়ৰ তৃণ আদি সতেজ কৰা সকল নিয়ৰৰ দৰে হ’ব, আৰু পৃথিৱীয়ে মৃতবোৰক উলিয়াব।


তেতিয়া মই যে যিহোৱা সেই বিষয়ে পথাৰত থকা সকলো গছবোৰে জানিব। মই ওখ গছজোপা চাপৰ, চাপৰ গছজোপা ওখ কৰোঁ; মই কেঁচাপতীয়া গছজোপা শুকান আৰু শুকান গছজোপা জকমকীয়া কৰোঁ! মই যিহোৱা; এই কথা ঘোষণা কৰিলোঁ আৰু ইয়াক সিদ্ধও কৰিলোঁ!”


হে মোৰ প্ৰিয় ভাইসকল, শুনক, সংসাৰত যি সকল দৰিদ্ৰ, ঈশ্বৰে তেওঁলোকক বিশ্বাসত ধনৱন্ত আৰু তেওঁক প্ৰেম কৰা সকলৰ আগত প্ৰতিজ্ঞা কৰা ৰাজ্যৰ অধিকাৰী কৰিবলৈ আপোনালোকক মনোনীত কৰা নাই নে?


ইস্ৰায়েলৰ ৰজা কাৰ পাছত বাহিৰলৈ ওলাই আহিছে? আপুনি নো কাৰ পাছত খেদি আহিছে? এটা মৰা কুকুৰৰ পাছত! এটা মাখিৰ পাছত!


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন