12 শত্ৰুৰ বিৰুদ্ধে তুমি আমাক সহায় কৰ; কিয়নো মানুহৰ সাহার্য বৃথা।
মই এইৰূপ অনেক কথা শুনিলো; তোমালোক সকলোৱেই দুখদায়ক শান্ত্বনাকাৰী।
ঈশ্বৰে নিজৰ ক্ৰোধ উঠাই নলয়; এনে কি ৰাহবক সহায় কৰোঁতাবোৰো তেওঁৰ সন্মুখত নত হয়।
নাকেৰে নিশ্বাস লোৱা মানুহক বিশ্বাস কৰিবলৈ এৰা; কিহৰ বাবে তেওঁ গণ্য হ’ব পাৰে?
মিচৰীয়াসকল মানুহ মাথোন, ঈশ্বৰ নহয়; ঘোঁৰাবোৰো মাংস মাত্ৰ, আত্মা নহয়। যিহোৱাই যেতিয়া নিজৰ হাত মেলিব; তেতিয়া সহায় কৰা জনে উজুটি খাব, আৰু সহায় পোৱা জনেও পতিত হ’ব; দুয়ো একে লগে বিনষ্ট হ’ব।
আমি সহায়ৰ বাবে বৃথা আশা কৰোঁতে, আমাৰ চকু দুর্বল হৈ গ’ল, ৰক্ষা কৰিব নোৱাৰা এক জাতিৰ বাবে আমি আমাৰ প্ৰহৰী-ঘৰত চাই আছিলোঁ।