23 যিসকলে জাহাজত উঠি সাগৰত অহা-যোৱা কৰে, আৰু মহা জল সমূহৰ ওপৰেদি ব্যৱসায় কৰে,
এঘণ্টাৰ ভিতৰতে এই সকলো ধন-সম্পত্তি ধ্বংস হ’ল। জাহাজৰ চাৰেং সকল, জাহাজেৰে ঠায়ে ঠায়ে অহা-যোৱা কৰা লোক সকল আৰু নাৱিক সকলকে আদি কৰি যিমান সমুদ্ৰ-ব্যৱসায়ী লোক আছে, সেই সকলোৱে দুৰৈত থিয় দি থাকিল৷
তোমাৰ বঠা বাওঁতাসকলে তোমাক মহাজল সমূহলৈ লৈ আহিল; পূৱৰ বতাহে সমুদ্ৰৰ মাজত তোমাক ধংস কৰিলে।
হে সমুদ্ৰৰ ভিতৰত থকাসকল আৰু তাত থকা সকলোবোৰ, হে দ্বীপবোৰ আৰু তাৰ নিবাসীসকল তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা, আৰু পৃথিৱীৰ সীমাৰ পৰা তেওঁৰ প্ৰশংসাৰ গান কৰা।
যেনেকৈ পূব দিশৰ বতাহে তৰ্চীচৰ জাহাজবোৰ ভাঙি পেলায়, তেনেকৈ তেওঁলোকক ভাঙিলে।
তাৰ মাজত জাহাজবোৰ চলে; তাত লিবিয়াথনো থাকে; তাক তুমি সাগৰত খেলা কৰিবলৈ নিৰ্ম্মাণ কৰিলা।