Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




গীত 106:42 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

42 তেওঁলোকৰ শত্ৰুবোৰে তেওঁলোকৰ ওপৰত উপদ্ৰৱ চলালে, তেওঁলোকৰ ক্ষমতাৰ অধীনত তেওঁলোক বশীভূত হ’ল।

অধ্যায়টো চাওক কপি কৰক




গীত 106:42
6 পৰস্পৰ সংযোগসমূহ  

তথাপি তেওঁলোকে তেওঁৰ দাস হ’ব, যাতে তেওঁলোকে বুজি পায় মোক সেৱা কৰিলে কি হয় আৰু অন্য দেশীয় শাসনকর্তাক সেৱা কৰিলে কি হয়৷”


কিন্তু তেওঁলোকে কিছুদিন স্থিৰে থকাৰ পাছত, পুনৰ তেওঁলোকে আপোনাৰ সাক্ষাতে কু-আচৰণ কৰিলে। সেয়ে আপুনি তেওঁলোকক তেওঁলোকৰ শত্রুবোৰৰ হাতত শোধাই দিলে, আৰু শত্রুবোৰে তেওঁলোকৰ ওপৰত শাসন কৰিলে। তথাপি তেওঁলোকে যেতিয়া ঘূৰি আহি আপোনাৰ আগত কাতৰোক্তি কৰিলে, তেতিয়া স্বৰ্গৰ পৰা তেওঁলোকৰ কাতৰোক্তি শুনি আপোনাৰ কৃপাৰ গুণে বহু বাৰ তেওঁলোকক উদ্ধাৰ কৰিলে।


এইবোৰ কথাৰ কাৰণে মই কান্দিছোঁ। মোৰ চকুৰ পৰা পানী বৈ গৈছে; কিয়নো মোৰ প্ৰাণ জুৰাব পৰা শান্ত্বনাকাৰীজন মোৰ পৰা আঁতৰত আছে। শত্ৰু জয়ী হোৱাত মোৰ সন্তান সকল অৱহেলিত হ’ল।


যেতিয়া চীদোনীয়া, অমালেকীয়া আৰু মায়োনীয়াসকলে তোমালোকক উপদ্ৰৱ কৰিছিল, তেতিয়া তোমালোকে মোৰ আগত কাতৰোক্তি কৰিছিলা আৰু মই তোমালোকক তেওঁলোকৰ অধীনৰ পৰা উদ্ধাৰ কৰিছিলোঁ।


যিহোৱাৰ ক্রোধ ইস্ৰায়েলবাসীৰ বিৰুদ্ধে জ্বলি উঠাত তেওঁ তেওঁলোকক লুটকাৰীসকলৰ হাতত শোধাই দিলে; সিহঁতে তেওঁলোকক লুট কৰিলে; তেওঁলোকৰ চাৰিওকাষে থকা শত্ৰুবোৰৰ শক্তিশালী হাতত তেওঁলোকক দাসৰূপে বেচিলে; তাতে তেওঁলোকে শত্ৰুবোৰৰ বিৰুদ্ধে থিয় হৈ নিজক পুনৰ ৰক্ষা কৰিব নোৱাৰিলে।


সেই সেনাপতিৰ নশ লোহাৰ ৰথ আছিল আৰু তেওঁ বিশ বছৰলৈকে ইস্ৰায়েলীয়া লোক সকলৰ ওপৰত অতিশয় উৎপীড়ন চলাইছিল। সেয়ে, ইস্রায়েলবাসীয়ে যিহোৱাৰ ওচৰত সহায় বিচাৰি কাতৰোক্তি কৰিবলৈ ধৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন