35 বৰং সেই সকলো জাতিৰ লগত তেওঁলোকে নিজক মিশ্রিত কৰিলে, আৰু তেওঁলোকৰ আচাৰ-ব্যৱহাৰ শিকিলে।
নহ’লে তুমি তেওঁৰ আচৰণ শিকিবা, আৰু তুমি নিজকে নিজে ফান্দত পেলাবা।
কিয়নো তুমি তোমাৰ যাকোবৰ বংশৰ লোকসকলক ত্যাগ কৰিলা; কাৰণ তেওঁলোক পূবদেশৰ ৰীতি নীতিৰে পৰিপূৰ্ণ, আৰু পলেষ্টীয়াসকলৰ দৰে ভৱিষ্যত পঢ়ালোক সকলে, বিদেশীৰ সন্তানসকলৰ লগত মিত্রতা কৰে।
ইফ্ৰয়িম অন্যান্য জাতিবোৰৰ লগত মিলি গৈছে; ইফ্ৰয়িম এফালে পুৰি যোৱা এনে এক পিঠা যাক লুটিয়াই দিয়া হোৱা নাই।
আপোনালোক ভ্ৰান্ত নহ’ব; কু-সঙ্গই সদাচাৰ নষ্ট কৰে।
আপোনালোকে অহংকাৰ কৰা ভাল নহয়; অলপ খমিৰে যে সনা পিঠাগুড়িৰ গোটেই লদা ফুলাই, ইয়াক আপোনালোকে নাজানে নে?
তেতিয়া সাৱধান হ’ব যাতে আপোনালোকৰ আগৰ পৰা তেওঁলোক বিনষ্ট হৈ যোৱাৰ পাছত তেওঁলোকৰ দেৱ-দেৱীৰ বিষয়ে বিচাৰ নিবলৈ গৈ আপোনালোকে এইবুলি সুধি ফান্দত নপৰিব “এই জাতিবোৰে কেনেদৰে নিজৰ দেৱতাবোৰৰ আৰাধনা কৰে? শেষত ক’ব ‘ময়ো তেনেকৈ কৰিম’।”
কিন্তু যিবুচীয়াসকল যিৰূচালেমৰ নিবাসী আছিল; এওঁলোকক যিহূদা ফৈদে দূৰলৈ আতৰ কৰি খেদি দিব নোৱাৰিলে। এই যিবুচীয়াসকলে আজিলৈকে যিহূদা ফৈদৰ সৈতে যিৰূচালেমত বাস কৰি আছে।
ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ সাক্ষাতে কু-আচৰণ কৰিলে আৰু তেওঁলোকৰ ঈশ্বৰ যিহোৱাক পাহৰি বাল-দেৱতাবোৰক আৰু আচেৰা মুৰ্ত্তিবোৰক পূজা কৰিবলৈ ধৰিলে।
তাৰ পাছত গিদিয়োনে সেই সোণবোৰ লৈ এখন এফোদ তৈয়াৰ কৰি তেওঁ নিজৰ নগৰ অফ্রাত ৰাখিলে; ইস্রায়েলীয়াসকলে সেই ঠাইত একমাত্র ঈশ্বৰৰ পৰিবর্তে এফোদৰ পূজা কৰি নিজকে ব্যভিচাৰী কৰিলে; এয়ে গিদিয়োন আৰু তেওঁৰ পৰিয়াললৈ এক ফান্দস্বৰূপ হ’ল।