Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




গীত 105:38 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

38 তেওঁলোক গুছি যোৱাত মিচৰীয়সকলে আনন্দ কৰিলে, কিয়নো তেওঁলোকে ইস্রায়েলীয়াসকলক ভীষণ ভয় কৰিছিল।

অধ্যায়টো চাওক কপি কৰক




গীত 105:38
6 পৰস্পৰ সংযোগসমূহ  

তেতিয়া মিচৰীয়া লোকসকলে শীঘ্ৰে ইস্ৰায়েলী লোকসকলক দেশৰ পৰা পঠাবৰ বাবে ততাতৈয়া লগালে; কাৰণ তেওঁলোকে ক’লে, “আমি সকলো মৃত লোক।”


ভয় আৰু ত্ৰাসে তেওঁলোকক বেৰি ধৰিলে; আপোনাৰ বাহুবলৰ শক্তিৰ কাৰণে তেওঁলোক শিলৰ দৰে নীৰৱ হৈ ৰ’ল; হে যিহোৱা, আপোনাৰ লোকসকল পাৰ নোহোৱালৈকে; আপুনি উদ্ধাৰ কৰা লোকসকল পাৰ নোহোৱালৈকে।


আৰু তাই সেই মানুহ কেইজনক ক’লে, “মই জানিলোঁ যে, যিহোৱাই তোমালোকক এই দেশ দিলে আৰু তোমালোকৰ পৰা আমি ত্ৰাসিত হৈছোঁ৷ আটাই দেশনিবাসীয়ে তোমালোকৰ আগত ভয়ত আতুৰ হৈ পৰিছে৷


পাছত তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোক যোৱাৰ পথত ঈশ্বৰে চাৰিওফালৰ নগৰৰ মাজত এনে এক ভয়ৰ সৃষ্টি কৰিলে যাৰ ফলত সেই লোকসকলে যাকোবৰ পুত্রসকলৰ পাছত খেদি নগ’ল।


তেতিয়া ফৰৌণৰ দাস সকলে ফৰৌণক ক’লে, “এই মানুহ জন আমালৈ কিমান দিনলৈকে ফান্দস্বৰূপ হৈ থাকিব? ইস্রায়েলী লোকসকল নিজৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰিবৰ অৰ্থে যাবলৈ এৰি দিয়ক। মিচৰ দেশখন যে ধ্বংস হ’ল, এতিয়ালৈকে সেই কথা আপুনি উপলব্ধি কৰা নাই নে?”


প্ৰত্যেক প্ৰদেশত আৰু প্ৰত্যেক নগৰৰ যি যি ঠাইত ৰজাৰ সেই আজ্ঞা পত্র পালে, সেই সকলো ঠাইত যিহুদী লোকসকলৰ মাজত আনন্দ, উল্লাস, ভোজ আৰু পবিত্র দিন হ’ল। সেই দেশৰ বিভিন্ন জাতিৰ লোক সকলৰ মাজৰ বহুতো লোক ইহুদী হ’ল; কাৰণ তেওঁলোকে ইহুদী লোকৰ প্রতি ভয় কৰিছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন