15 যাতে মানুহৰ মনক আনন্দ দিয়া দ্রাক্ষাৰস, মুখ উজ্জ্বল কৰা তেল, আৰু মানুহৰ হৃদয়ক সবল কৰা আহাৰ যোগান হয়।
আপোনালোক যেতিয়া এই দাসৰ গুৰিলৈ আহিছে, তেন্তে মই অলপমান আহাৰো লৈ আনোগৈ; তাৰে আপোনালোকে যেন নিজৰ প্ৰাণ জুৰাব পাৰে আৰু পুনৰ যাত্রা কৰিব পাৰিব।” তেতিয়া তেওঁলোকে ক’লে, “ঠিক আছে, তুমি কোৱাৰ দৰেই কৰা।”
অবচালোমে তেওঁৰ দাসবোৰক এই আজ্ঞা কৰিলে, বোলে, “ভালদৰে শুন৷ অম্নোনৰ মন কোন সময়ত দ্ৰাক্ষাৰসত প্ৰফুল্লিত হয়, তহঁতে তাক ভালকৈ চাবি আৰু যেতিয়া ‘অম্নোনক আঘাত কৰ’ বুলি মই তহঁতক কম, তেতিয়া তাক বধ কৰিবি, ভয় নকৰিবি; মই তহঁতক জানো হুকুম দিয়া নাই? সাহিয়াল হৈ বীৰত্ব দেখুওৱা।”
তেওঁ সেই দেশলৈ দুৰ্ভিক্ষ মাতি আনিলে, তেওঁ সম্পূর্ণৰূপে শস্যৰ ভঁৰালবোৰ ধ্বংস কৰি পেলালে।
তুমি মোৰ শত্রুবোৰৰ সাক্ষাতে মোৰ সন্মুখত মেজ সজাইছা; তুমি মোৰ মূৰ তেলেৰে তিয়াইছা; মোৰ পান-পাত্ৰ উপচি পৰিছে।
কিন্তু বনৰীয়া ষাঁড়ৰ শিঙৰ দৰে তুমি মোৰ শক্তিক তুলি ধৰিলা; তুমি মোৰ ওপৰত নতুন অভিষিক্ত তেল ঢালি দিলা।
বিনাশলৈ যোৱা জনক সুৰা দিয়া, আৰু বেদনাদায়ক যন্ত্রণাত ভুগি থকা সকলক দ্রাক্ষাৰস পান কৰোঁৱা।
তেওঁ পান কৰিব আৰু নিজৰ দৰিদ্রতাক পাহৰিব, আৰু তেওঁৰ সমস্যাৰ কথা মনত নাথাকিব।
আমোদৰ কাৰণেই ভোজ-মেল পতা হয়; দ্ৰাক্ষাৰসে জীৱনলৈ আনন্দ আনে আৰু অর্থই অনেক অভাৱ পূর্ণ কৰে।
জ্ঞানৱানৰ তুল্য কোন আছে? যি ঘটে, কোনে তাৰ অৰ্থ বুজাব পাৰে? প্রজ্ঞাই মানুহৰ মুখ উজ্জ্বল কৰে, আৰু তেওঁৰ মুখৰ কঠিনতা পৰিৱৰ্ত্তন কৰিব পাৰে।
সেয়ে তুমি গৈ আনন্দেৰে নিজৰ আহাৰ ভোজন কৰা আৰু হৰ্ষিত হৃদয়েৰে নিজৰ দ্ৰাক্ষাৰস পান কৰাগৈ; কিয়নো তোমাৰ সকলো কৰ্ম ঈশ্বৰে পূর্বৰে পৰা গ্ৰহণ কৰিলে।
কিয়নো চোৱা, বাহিনীসকলৰ প্রভু যিহোৱাই, যিৰূচালেম আৰু যিহূদাৰ পৰা লাখুটি আৰু সাহায্য, আহাৰৰ সকলো যোগান, আৰু পানীৰ সকলো যোগান গুচাব।
কাৰণ যি দৰে বৰষুণ আৰু হিম আকাশৰ পৰা নামি আহে, আৰু পৃথিবীক যেতিয়ালৈকে নিভিজাই তেতিয়ালৈকে ঘুৰি নাযায়, ই উৎপন্ন কৰিবলৈ আৰু গজালি মেলিবলৈ ভূমি প্রস্তুত কৰে, গুটি সিঁচোতাক ফল দিয়ে আৰু খাওঁতাক আহাৰ দিয়ে,
তেতিয়া তেওঁলোকে আহি চিয়োনৰ উচ্ছস্থানত আনন্দ কৰিব। তেওঁলোকে যিহোৱাৰ সততাত আনন্দ কৰিব, যেনে ঘেহুঁ, নতুন দ্ৰাক্ষাৰস, তেল আৰু মেৰ-ছাগৰ জাকৰ পোৱালিবোৰ। কিয়নো তেওঁলোকৰ জীৱন পানী দিয়া উদ্যানৰ নিচিনা হ’ব, আৰু তেওঁলোকে কেতিয়াও পুনৰ শোক অনুভৱ নকৰিব।
“হে মনুষ্য সন্তান, যদি এখন দেশে সত্য লঙ্ঘন কৰি মোৰ বিৰুদ্ধে পাপ কৰে আৰু মই তাৰ অহিতে মোৰ হাত মেলি তাৰ অন্নৰূপ লাখুটি ভাঙো আৰু তালৈ আকাল পঠিয়াই তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰোঁ;
ইয়াৰ উপৰিও তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, চোৱা! মই যিৰূচালেমত অন্নৰূপ লাখুটি ভাঙিম; তেওঁলোকে পিঠা আৰু পানীৰ অভাৱত পৰিবৰ বাবে আৰু পৰস্পৰে আচৰিত হৈ তেওঁলোকৰ অপৰাধত ক্ষীণাই যাবৰ বাবে,
“মই সেই সময়ত তেওঁলোকৰ মাজলৈ আকালস্বৰূপ বিনাশাৰ্থক অনিষ্টকাৰী বাণ মাৰিম, তোমালোকক বিনষ্ট কৰিবৰ অৰ্থেই সেইবোৰ মাৰিম; মই তোমালোকৰ ওপৰত আকাল বঢ়াম আৰু তোমালোকৰ অন্নৰূপ লাখুটি ভাঙিম।
মই তোমালোকৰ অন্ন ৰূপ লাখুটি ভঙা কালত দহজনী মহিলাই একেটা তন্দুৰত তোমালোকৰ পিঠা তাও দিব, আৰু তেওঁলোকে জোখ কৰি তোমালোকৰ পিঠা তোমালোকক দিব, আৰু তাক খাই তোমালোকৰ ভোক নপলাব।
তেতিয়া ইফ্ৰয়িমীয়াসকল বীৰপুৰুষৰ নিচিনা হ’ব আৰু দ্ৰাক্ষাৰসৰ দ্বাৰাই যেনেকৈ মানুহৰ মনত আনন্দ হয়, তেওঁলোকৰ হৃদয়ত তেনে আনন্দ হ’ব; তেওঁলোকৰ সন্তান সকলে তাকে দেখি আনন্দ কৰিব। তেওঁলোকৰ হৃদয়ে যিহোৱাত উল্লাস কৰিব!
পাছত তেওঁ পান পাত্ৰটো লৈ স্তুতি কৰি তেওঁলোকক দিলে৷ তাতে সকলোৱে তাক পান কৰিলে।
তুমি মোৰ মূৰত তেল নাসানিলা; কিন্তু তেওঁ মোৰ ভৰিত সুগন্ধি তেল সানিলে;
দ্ৰাক্ষাৰসেৰে মতলীয়া নহব; কিয়নো তাত নষ্টামি আছে; কিন্তু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হওক;
আপোনালোকৰ গোটেই দেশৰ সীমাৰ ভিতৰত জিত গছ হ’ব, কিন্তু আপোনালোকে তেল ঘঁহিবলৈ নাপাব; কিয়নো তাৰ ফল সৰি যাব।
ভোকত কষ্ট দি আৰু যি মান্নাৰ কথা আপোনালোকে আৰু আপোনালোকৰ পূর্বপূৰুষসকলে জনা নাছিল তাক খোৱাই যিহোৱাই আপোনালোকক নম্র কৰিছিল। এই কার্যবোৰৰ দ্বাৰাই তেওঁ আপোনালোকক জনাব বিচাৰিছিল যে, মানুহ কেৱল পিঠাৰে নিজীয়ে, কিন্তু মানুহৰ জীৱন যিহোৱাই কোৱা বাক্যৰ দ্বাৰাইহে জীয়ে।
তুমি ধাৰ্মিকতাক প্ৰেম কৰিলা আৰু দুৰাচাৰীক ঘিণ কৰিলা; এই কাৰণে ঈশ্বৰে, তোমাৰ ঈশ্বৰে তোমাৰ সঙ্গী সকলতকৈ তোমাক অধিক আনন্দৰূপ তেলেৰে অভিষিক্ত কৰিলে।”
কিন্তু আপোনালাকে পবিত্ৰ জনৰ পৰা অভিষেক পাইছে, আৰু আপোনালোকে সত্যক জানে।
পাছত চতুৰ্থদিনা তেওঁলোক ৰাতিপুৱাই উঠিল আৰু যাবলৈ ওলাল; তেতিয়া সেই যুৱতীৰ বাপেকে জোঁৱায়েকক ক’লে, “তুমি অলপ আহাৰ গ্রহণ কৰি মন সুস্থিৰ কৰা, তাৰ পাছত তোমাৰ বাটত তুমি গুচি যাবা।”
কিন্তু দ্ৰাক্ষালতাই সিহঁতক ক’লে, ‘মোৰ যি ন-ৰসে ঈশ্বৰ আৰু মানুহক সন্তোষ দিয়ে, তাক এৰি মই আন গছবোৰৰ ওপৰত দুলি থাকিবলৈ যামনে?
কিন্তু জিত গছে সিহঁতক ক’লে, ‘মোৰ যি তেল ঈশ্বৰ আৰু মানুহক সন্মান কৰিবলৈ ব্যৱহাৰ হয়, তাক এৰি মই কি আন গছবোৰৰ ওপৰত কেৱল দুলি থাকিবলৈকে যামনে?’