14 তোমাৰ দাসবোৰৰ ওচৰত তাৰ শিলবোৰ প্রিয়, তাৰ ধুলিকণাৰ ওপৰতো তেওঁলোকৰ মমতা আছে।
তাৰ পাছত যিহূদা আৰু বিন্যামীনৰ পূৰ্বপুৰুষসকলৰ মূল মানুহসকল, লেবীয়াসকলৰ পুৰোহিতসকল আৰু যি সকল লোকৰ আত্মা যিহোৱাৰ গৃহ নিৰ্ম্মাণৰ অৰ্থে যাবলৈ ঈশ্বৰে উদগালে, তেওঁলোক গ’ল।
আমাৰ পূৰ্বপুৰুষৰ ঈশ্বৰ যিহোৱাৰ প্রশংসা হওক; তেওঁ যিৰূচালেমত যিহোৱাৰ গৃহৰ গৌৰৱাম্বিত কৰিবলৈ এই সকলো ৰজাৰ হৃদয়ত ইচ্ছা স্থাপন কৰিলে,
তেতিয়া তেওঁলোকে মোক ক’লে, “বন্দীত্বৰ পৰা ৰক্ষা পোৱা লোকসকল সমস্যা আৰু অপমানেৰে জৰ্জৰিত হৈ আছে। কিয়নো যিৰূচালেমৰ দেৱাল ভাঙি মুকলি হৈ আছে আৰু দুৱাৰবোৰ জুইৰে পোৰা হৈছে।”
মই তেওঁলোকক ক’লো, “আমি কেনে দুৰৱস্থাত আছোঁ, যিৰূচালেম কেনেকৈ উচ্ছন্ন হৈ পৰি আছে, আৰু তাৰ দুৱাৰবোৰ কেনেকৈ জুয়ে পুৰিলে, সেইবোৰ আপোনালোকে দেখিছে। আহক, আমি যিৰূচালেমৰ দেৱাল পুনৰ নিৰ্মাণ কৰোঁ, তেতিয়া আমি পুনৰ অপমানিত হ’বলৈ কোনো কাৰণ নাথাকিব।”
মই ৰজাক ক’লোঁ, “মহাৰাজ চিৰজীৱি হওক! মোৰ মুখ কিয় মলিন নহ’ব? যিহেতু মোৰ পিতৃসকলৰ মৈদামৰ ঠাই উছন্ন কৰা হ’ল আৰু সেই ঠাইৰ দুৱাৰবোৰ জুইৰে পুৰি ধংস কৰা হ’ল।
তাৰ পাছত যিহূদাৰ লোকসকলে ক’লে, “তাত বহুতো ভগ্নস্তূপ আছে আৰু ভাৰ বোৱাসকলৰ শক্তি হ্রাস পোৱা কাৰণে আমি পুনৰ দেৱাল সাজিবলৈ অক্ষম হৈছোঁ।”
চমৰিয়া সৈন্যৰ আৰু তেওঁৰ ভাইসকলৰ উপস্থিতিত তেওঁ ক’লে, “সেই দুৰ্ব্বল যিহুদীসকলে কি কৰি আছে? তেওঁলোকে নিজৰ বাবে পুনৰ নগৰ প্রতিষ্ঠা কৰিব নে? তেওঁলোকে বলিদান কৰিব নে? তেওঁলোকে একেদিনাই সেই কাম শেষ কৰিব নে? পোৰা ভগ্নস্তূপৰ তেওঁলোকে শিলবোৰক জীৱন্ত কৰিব নে?”
সেয়ে আমি দেৱাল সাজিলোঁ, আৰু লোকসকলে আগ্রহৰে দেৱালবোৰ যোৰা লগাই দেৱালৰ উচ্চতাৰ আধালৈকে মেৰামতি কৰিলে।
হে যিহোৱা, এতিয়া তোমাৰ কাৰ্য কৰাৰ সময় হৈছে, কিয়নো লোকসকলে তোমাৰ ব্যৱস্থা অমান্য কৰিলে।
হে ঈশ্বৰ, আন জাতিবোৰে আহি তোমাৰ আধিপত্যত সোমাল; তেওঁলোকে তোমাৰ পবিত্ৰ মন্দিৰ অশুচি কৰিলে; তেওঁলোকে যিৰূচালেমক ধ্বংসৰ স্তূপ কৰিলে।
যিহোৱাই যাকোবক দয়া কৰিব; ইস্ৰায়েলক পুনৰায় মনোনীত কৰিব, আৰু তেওঁলোকৰ নিজৰ দেশত তেওঁলোকক স্থাপন কৰিব। বিদেশীসকলে তেওঁলোকৰ সৈতে যোগ দিব আৰু তেওঁলোকে নিজেই যাকোবৰ বংশত সংযুক্ত হ’ব।
যিৰূচালেমক নম্রতাৰে কোৱা, আৰু তেওঁলৈ ঘোষনা কৰা, যে তেওঁৰ সংগ্রাম শেষ হ’ল, তেওঁৰ অপৰাধ ক্ষমা কৰা হ’ল, তেওঁৰ সকলো পাপৰ সলনি যিহোৱাৰ হাতৰ পৰা তেওঁ দুগুণ মঙ্গল পালে।
হ’য় যিহোৱাই চিয়োনক শান্ত্বনা দিব, তেওঁ সকলো উচ্ছন্ন ঠাইক শান্ত্বনা দিব; তাৰ জনবসতিহীন ঠাইবোৰ এদনৰ দৰে, আৰু জর্দন নদীৰ উপত্যকাৰ কাষৰ সমতল মৰুভূমি যিহোৱাৰ উদ্যানৰ দৰে কৰিলে; তাত আনন্দ আৰু উল্লাস, ঈশ্বৰক ধন্যবাদ জ্ঞাপন,আৰু স্তুতি-গীতৰ ধ্বনি পোৱা যাব।
কিয়নো যিহোৱাই এইদৰে কৈছে: ‘বাবিলত থকা সত্তৰ বছৰ পূৰ হ’ল, মই তোমালোকৰ বিচাৰ ল’ম আৰু এই ঠাইলৈ তোমালোকক ওলোটাই আনি তোমালোকলৈ মোৰ মঙ্গল বাক্য সিদ্ধ কৰিম।
যিহোৱাই এই কথা কৈছে: চোৱা, মই যাকোবৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, আৰু তেওঁৰ বাসস্থানবোৰলৈ কৃপা কৰিম। আৰু নগৰখন নিজ উপপৰ্ব্বতৰ ওপৰত পুনৰায় সজা হ’ব, আৰু ৰাজগৃহত ৰীতিমতে মানুহৰ বসতি হ’ব।
হে প্ৰভু, বিনয় কৰোঁ, আপুনি কৰা সকলো ধাৰ্মিকতাৰ কাৰণে আপোনাৰ নগৰ যিৰূচালেমৰ পৰা, আপোনাৰ পবিত্ৰ পৰ্ব্বতৰ পৰা আপোনাৰ খং আৰু ক্ৰোধ আঁতৰাওক। আমাৰ পাপ আৰু আমাৰ পূৰ্বপুৰুষসকলৰ অপৰাধৰ কাৰণে, যিৰূচালেম আৰু আপোনাৰ লোক, আমাৰ চাৰিওফালে থকা সকলোৰে বাবে ঘৃণাৰ পাত্র হৈছে।
পাছত নয়মীয়ে দুজনী বোৱাৰীয়েকৰে সৈতে মোৱাব দেশ ত্যাগ কৰি যিহূদা দেশলৈ উভটি যোৱাৰ সিদ্ধান্ত ল’লে৷ তেওঁ মোৱাব দেশতে শুনিবলৈ পাইছিল যে, যিহূদা দেশত থকা নিজৰ লোকসকলক যিহোৱাই প্রয়োজনৰ সময়ত সহায় কৰে আৰু খোৱা বস্তু যোগায়।