Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




গালাতীয়া 6:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 কিয়নো চুন্নৎ হোৱা সকলে নিজেও বিধান পালন নকৰে; আপোনালোকৰ মাংসত তেওঁলোকে যেন গৌৰৱ কৰিব পাৰে, এই কাৰণে আপোনালোক চুন্নৎ হোৱাতো তেওঁলোকে ইচ্ছা কৰে।

অধ্যায়টো চাওক কপি কৰক




গালাতীয়া 6:13
11 পৰস্পৰ সংযোগসমূহ  

কিয়নো আমি হে প্ৰকৃততে চুন্নৎ হোৱা লোক৷ আমি ঈশ্বৰৰ আত্মাৰে আৰাধনা কৰোঁ আৰু খ্ৰীষ্ট যীচুত গৌৰৱ কৰোঁ আৰু মাংসত একো ভাৰসা নকৰোঁ।


আপোনালোকে অহংকাৰ কৰা ভাল নহয়; অলপ খমিৰে যে সনা পিঠাগুড়িৰ গোটেই লদা ফুলাই, ইয়াক আপোনালোকে নাজানে নে?


এই ভণ্ড শিক্ষক সকলে তেওঁলোকক স্বাধীনতা দিয়াৰ প্ৰতিজ্ঞা কৰে, কিন্তু নিজেই সেই সকলো নিন্দনীয় কামৰ দাস হৈ থাকে। কাৰণ যিহে এজন মানুহক জয় কৰি পৰিচালনা কৰে, তেওঁ তাৰে দাস হয়।


কিয়নো অনেকে মাংস অনুসাৰে গৌৰৱ কৰে সেই বাবে ময়ো গৌৰৱ কৰিম।


হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে এজনক ইহুদী ধৰ্ম দিবলৈ, সাগৰ আৰু পৃথিৱী ঘূৰি ফুৰে; আৰু যেয়ে লয়, সেই জনক নিজতকৈয়ো দুগুণ নৰকী কৰে।


এই কাৰণে তেওঁলোকে তোমালোকক যি আজ্ঞা দিয়ে, সেই সকলোকে পালন আৰু মান্য কৰিবা; কিন্তু তেওঁলোকৰ কৰ্মৰ দৰে নকৰিবা; কিয়নো তেওঁলোকে যি দৰে কয়, সেইদৰে নকৰে।


এতেকে কোনেও যেন মানুহক লৈ গর্ব নকৰে! কিয়নো সকলো আপোনালোকৰেই;


হায় হায় কপটীয়া, বিধানৰ অধ্যাপক আৰু ফৰীচী সকল! আপোনালোক সন্তাপৰ পাত্ৰ; কিয়নো আপোনালোকে পদিনা, গুৱামুৰি, আৰু জীৰাৰ দশম ভাগ দান কৰে, কিন্তু বিধানৰ মাজৰ গুৰুত্বপূৰ্ণ যি ভাগ, ন্যায়-বিচাৰ, দয়া আৰু বিশ্বাস, এইবোৰৰ ভাগ হলে নিদিয়ে। কিন্তু এইবোৰ পালন কৰা, আৰু সেইবোৰক ত্যাগ নকৰা আপোনালোকৰ উচিত আছিল।


নতুন দ্ৰাক্ষাৰস নতুন ছালৰ মোটত ৰখা উচিত।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন