10 আপোনালোকে যে আন কোনো বিষয় নাভাবে, এই বিষয়ে প্ৰভুত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে; কিন্তু যি জনে আপোনালোকক অস্থিৰ কৰে, সেই জনে নিজ দণ্ড ভোগ কৰিব, তেওঁ যি কোনোৱে নহওক।
আৰু এই সকলোবোৰ কথা লিখিলোঁ, যাতে যেতিয়া মই আহিম, তেতিয়া যি জনৰ ওচৰৰ পৰা আমি আনন্দ পোৱা উচিত, সেই জনৰ পৰা যেন দুখ পাবলগীয়া নহয়। কিয়নো আপোনালোকৰ বিষয়ে মোৰ দৃঢ় বিশ্বাস এই যে, আমাৰ আনন্দত আপোনালোক সকলোৱে আনন্দিত হব।।
সেই লোক সকল আপোনালোকৰ প্ৰতি আগ্ৰহী কিন্তু কোনো ভাল উদ্দেশ্যৰ বাবে আগ্ৰহী নহয়৷ তেওঁলোকে আপোনালোকক মোৰ কাষৰ পৰা অাতৰাই অানিবলৈ বিচাৰে, যাতে আপোনালোকে তেওঁলোকৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে৷
এই কাৰণে, বিনষ্ট কৰিবলৈ নহয় কিন্তু ধৰ্মত বৃদ্ধি কৰিবলৈ প্ৰভুৱে মোক যি ক্ষমতা দিলে, সেই ক্ষমতাৰ দৰে, মই উপস্থিত কালত যেন কঠিন ব্যৱহাৰ কৰিব নালাগিব, এই অভিপ্ৰায়েৰে অনুপস্থিত থাকোঁতে, এইবোৰ কথা লিখিছোঁ।