15 এতিয়া আপোনালোকৰ সেই আনন্দ ক’ত? কিয়নো আপোনালোকৰ পক্ষে মই সাক্ষ্য দিছিলোঁ যে, সাধ্য হোৱা হ’লে আপোনালোকে নিজ নিজ চকুকো কাঢ়ি মোক দিলেহেঁতেন।
আৰু শিলনিত যি পৰিল, সেইবোৰ বাক্য শুনি আনন্দেৰে গ্ৰহণ কৰা মানুহ; এওঁলোকৰ শিপা নথকাত, এওঁলোকে অলপ সময় বিশ্বাসত থাকে, পাছত পৰীক্ষাৰ সময় আহিলে খহি পৰে।
ঈশ্বৰলৈ তেওঁলোকৰ আগ্ৰহ আছে বুলি মই তেওঁলোকৰ পক্ষে সাক্ষ্য দিছোঁ; কিন্তু সেই আগ্ৰহ জ্ঞান অনুসাৰে নহয়।
এতেকে আপোনালোকে যেন পবিত্ৰ আত্মাৰ শক্তিৰে আশাত উপচি পৰিব পাৰে, তাৰ বাবে আশাৰ আকৰ ঈশ্বৰে আপোনালোকক আৰু বিশ্বাস কৰাৰ সকলোকে আনন্দ আৰু শান্তিৰে পৰিপূৰ্ণ কৰক।
তেওঁৰ যোগেদি আমি বিশ্বাসৰ দ্বাৰাই ভিতৰত সোমাবলৈ পাওঁ, ইয়াতে আমি অনুগ্ৰহ পাই স্থিৰেও আছোঁ৷ ইয়াতে আমি আনন্দ কৰোঁ, এই ভাৰসালৈয়ে এদিন ঈশ্বৰৰ মহিমাৰ অংশীদাৰ হম।
কিয়নো যি সকল শৰীৰৰ সম্বন্ধে মোৰ স্বজাতীয়, মোৰ সেই ভাই সকলৰ কাৰণে মই নিজেই খ্ৰীষ্টৰ পৰা শাপগ্ৰস্ত হ’বলৈ ইচ্ছা কৰিব পাৰিলোহেঁতেন।
কিয়নো মই সাক্ষ্য দিছোঁ যে, তেওঁলোকে নিজ শক্তি অনুসাৰে দিয়াৰ উপৰি, সাধ্যৰ অতিৰিক্ত পৰিমাণে দিলে, আৰু
খ্রীষ্টই নিজৰ ওপৰত এই অভিশাপ লোৱাৰ এয়ে উদ্দেশ্য আছিল যে, যি আশীর্বাদ অব্ৰাহামে লাভ কৰিছিল, সেই আশীর্বাদ খ্রীষ্ট যীচুৰ দ্বাৰাই অনা-ইহুদী সকলেও যেন লাভ কৰিব পাৰে আৰু বিশ্বাসৰ দ্বাৰাই যেন আমি প্ৰতিজ্ঞাযুক্ত আত্মা পাব পাৰোঁ।
মোৰ মাংসত আপোনালোকৰ যি পৰীক্ষা হৈছিল, সেই বিষয়ত আপোনালোকে হেয়জ্ঞান আৰু ঘৃণাবোধ কৰা নাছিল; বৰং ঈশ্বৰৰ এজন দূত, এনে কি খ্ৰীষ্ট যীচুৰ নিচিনাকৈ মোক গ্ৰহন কৰিছিল।
এতিয়া আপোনালোকক সত্য কথা কোৱাত মই আপোনালোকৰ ওচৰত শত্ৰু হ’লোঁ নে?
হে মোৰ প্ৰিয় সন্তান সকল, আপোনালোকৰ কাৰণে পুনৰ এবাৰ প্ৰসৱ যন্ত্ৰণা ভোগ কৰিছোঁ; যেতিয়ালৈকে আপোনালোকত খ্ৰীষ্টৰ আকাৰ উৎপন্ন নহয়, তেতিয়ালৈকে ভোগ কৰি আছোঁ৷
কিন্তু আত্মাৰ ফল হ’ল, প্ৰেম, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, দয়া, মঙ্গলভাৱ, বিশ্বাস,
প্ৰতিজনে নিজ কৰ্ম বিবেচনা কৰক; আৰু তেতিয়া তেওঁ অন্যৰ তুলনাত নহয় কিন্তু নিজৰ বিষয়তহে গৌৰৱ কৰাৰ কাৰণ পাব।
কিয়নো মই তেওঁৰ সাক্ষ্য দিছোঁ যে, তেওঁ আপোনালোকৰ আৰু লায়দিকেয়া আৰু হিয়ৰাপলিত থকা সকলৰ কাৰণে বৰ পৰিশ্ৰম কৰিছে
এইদৰে আপোনালোকৰ প্ৰতি আমি অধিক স্নেহশীল আছিলোঁ। আপোনালোকক কেৱল ঈশ্বৰৰ শুভবাৰ্তা দিয়াতে সন্তুষ্ট নাছিলো, কিন্তু আপোনালোকৰ কাৰণে নিজৰ প্ৰাণ দিবলৈও আমি সন্মত আছিলোঁ; কাৰণ আমাৰ বাবে আপোনালোক অতি প্ৰিয়।
আমি পুণৰ কওঁ, আপোনালোকে তেওঁলোকৰ কার্যৰ কাৰণে প্রেমৰ মনোভাৱেৰে অতিশয়ৰূপে তেওঁলোকক সন্মান কৰক আৰু পৰস্পৰৰ মাজত শান্তি বজায় ৰাখক।