Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




গালাতীয়া 4:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 হে ভাই সকল, বিনয় কৰি কৈছোঁ, অাপোনালোক মোৰ নিচিনা হওক; কিয়নো ময়ো আপোনালোকৰ নিচিনা হৈছোঁ। আপোনালোকে মোৰ একো অন্যায় কৰা নাছিল।

অধ্যায়টো চাওক কপি কৰক




গালাতীয়া 4:12
13 পৰস্পৰ সংযোগসমূহ  

কিন্তু কোনোৱে যদি দুখ দি থাকে, তেনেহলে তেওঁ অকল মোক দুখ দিলে এনে নহয়; বেছি বঢ়াই নকলেও মই এটা কথা কওঁ যে, তেওঁ আপোনালোক সকলোকে দুখ দিলে।


তেতিয়া তেওঁ যিহোচাফটক ক’লে, “আপুনি মোৰ লগত যুদ্ধ কৰিবলৈ ৰামোৎ-গিলিয়দলৈ যাব নে?” তেতিয়া যিহোচাফটে ইস্ৰায়েলৰ ৰজাক ক’লে, “আপুনি যেনে, মইয়ো তেনে; মোৰ প্ৰজা যেনে, আপোনাৰ প্ৰজাও তেনে আৰু মোৰ ঘোঁৰাবোৰ যেনে, আপোনাৰ ঘোঁৰাবোৰো তেনে।”


কেৱল এটা কাৰ্য কৰিলে আমি আপোনালোকৰ কথাত মান্তি হ’ব পাৰোঁ; সেয়া হৈছে আপোনালোকৰ প্রত্যেকজন পুৰুষে আমাৰ নিচিনাকৈ চুন্নৎ হ’ব লাগিব।


কিন্তু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ক্ৰুচৰ বাহিৰে আন কোনো কথাত গৌৰৱ কৰা মোৰ পৰা নহওক; তেওঁৰ দ্বাৰাই জগত খন মোৰ বাবে আৰু মই জগত খনৰ বাবে ক্রুচত হত হলোঁ।


কিন্তু মই যেতিয়া দেখিলোঁ যে, তেওঁলোক শুভবার্তাৰ সত্যতা অনুসাৰে সৰল পথত চলা নাই, তেতিয়া মই কৈফাক সকলোৰে সন্মুখত ক’লো, “আপুনি এজন ইহুদী হৈয়ো যদি ইহুদী সকলৰ দৰে আচৰণ নকৰি, অনা-ইহুদী সকলৰ দৰে আচৰণ কৰে, তেনেহলে যি সকল অনা-ইহুদী তেওঁলোকক ইহুদী সকলৰ দৰে জীৱন-ধাৰণ কৰিবলৈ জোৰ কৰিছে কিয়?”


কিন্তু একে প্ৰকাৰৰ প্ৰতিদান কৰিবলৈ, সান্ত্বনাত থকা সকলক কোৱাৰ দৰে কৈছোঁ, আপোনালোকৰ হৃদয় বহলভাৱে মুকলি কৰক।


কিন্তু তোমাৰ বিষয়ে তেওঁলোকে এই সম্বাদ পালে; তুমি বোলে, অনা-ইহুদী সকলৰ মাজত থকা ইহুদী লোকক মোচিক ত্যাগ কৰিবলৈ শিকাইছা আৰু কৈছা বোলে, তেওঁলোকে লৰাৰ চুন্নৎ কৰিব নালাগে আৰু ৰীতি মতে আচৰণ কৰিব নালাগে।


ভাই সকল, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোকৰ আত্মাৰ লগত থাকক। আমেন।


কৰিন্থীয়া সকল, আমি আপোনালোকৰ বাবে, আমাৰ সকলো সত্যতাৰ বিষয়ে ক’লো আৰু আমাৰ হৃদয়ো বহল।


আপোনালোকৰ কাৰণে মোৰ এই ভয় হয়; জানোচা মই যি পৰিশ্ৰম কৰিলোঁ, সেয়ে কিজানিবা কেনেবাকৈ ব্যর্থ হয়।


মোৰ শৰীৰৰ দূৰ্ব্বলতাৰ কাৰণে, মই যে প্ৰথম বাৰ আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিছিলোঁ, সেই বিষয়ে আপোনালোকে জানে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন