গালাতীয়া 3:12 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 201912 বিধানৰ লগত বিশ্বাসৰ সম্বন্ধ নাই। কিন্তু “যি জনে বিধানৰ সকলো কথা পালন কৰে, তেওঁ বিধানৰ মাজতে জীৱিত থাকিব।” অধ্যায়টো চাওক |
আপোনাৰ বিধানলৈ যাতে তেওঁলোক ঘূৰি আহে তাৰ বাবে আপুনি তেওঁলোকক সাৱধান কৰিলে। তথাপি তেওঁলোকে গৰ্ব্ব আচৰণ কৰি আপোনাৰ আজ্ঞাবোৰ নুশুনিলে। যি সকলে আপোনাৰ বিধান পালন কৰে, তেওঁলোকে জীৱন লাভ কৰে; কিন্তু তেওঁলোকে সেই বিধানৰ বিৰুদ্ধে পাপ কৰিলে। তেওঁলোকে বিধানবোৰ পালন নকৰিলে, তালৈ মনোযোগো নিদিলে, আনকি তেওঁলোকে সেইবোৰ নিশুনিলেও।
কিন্তু ইস্ৰায়েল বংশই অৰণ্যত মোৰ অহিতে বিদ্ৰোহ কৰিলে। তেওঁলোকে মোৰ বিধিমতে নচলিলে আৰু যি শাসন-প্ৰণালী অনুসাৰে মানুহে কাৰ্য কৰিলে তাৰে জীয়াই থাকিব পাৰে, তেওঁলোকে মোৰ সেই শাসন-প্ৰণালীবোৰ অগ্ৰাহ্য কৰিলে আৰু মোৰ বিশ্ৰাম দিনবোৰ অতি অপবিত্ৰ কৰিলে; তাতে মই তেওঁলোকক বিনষ্ট কৰিবৰ অৰ্থে, অৰণ্যত তেওঁলোকৰ ওপৰত মোৰ কোপ বৰষাবলৈ মন কৰিছিলোঁ।