Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




গালাতীয়া 2:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

17 কিন্তু আমি ইহুদী সকলে খ্ৰীষ্টত ধাৰ্মিক ৰূপে ঈশ্বৰৰ গ্রহণীয় হবলৈ গৈ যদি নিজে পাপী হৈ পৰো, তেনেহলে তাৰ অর্থ এয়ে নেকি যে, খ্ৰীষ্ট পাপৰ সেৱক? কেতিয়াও নহয়!

অধ্যায়টো চাওক কপি কৰক




গালাতীয়া 2:17
17 পৰস্পৰ সংযোগসমূহ  

আপোনালোকে জানে যে, পাপ দূৰ কৰিবলৈ তেওঁ প্ৰকাশিত হ’ল আৰু তেওঁত কোনো পাপ নাই।


আমি জন্মসূত্রে ইহুদী, “অনা-ইহুদী পাপী” নহয়।


তেনেহলে কি? ইস্ৰায়েলে যি বিচাৰিছে, সেই পোৱা নাই, কিন্তু মনোনীত লোকেহে তাক পালে; অৱশিষ্ট সকলক কঠিন কৰা হ’ল।


তেওঁ মহা-পবিত্ৰ স্থানত প্ৰকৃত উপাসনা তম্বুৰ পৰিচর্যাকাৰী হৈছে৷ সেই তম্বু কোনো মৰ্ত্ত্যৰ দ্বাৰা স্থাপন কৰা নহয়, কিন্তু প্ৰভুৰ দ্বাৰা স্থাপিত হৈছে৷


তেনেহলে বিধান ঈশ্বৰৰ প্ৰতিজ্ঞাবোৰৰ বিৰুদ্ধে নেকি? নিশ্চয় নহয়! যদি এনে এক বিধান থাকিলহেঁতেন যিয়ে জীৱন দিব পাৰে, তেনেহলে ধাৰ্মিকতা অৱশ্যেই সেই বিধান পালন কৰাৰ দ্বাৰাই হ’লহেতেন।


কৈফা যেতিয়া আন্তিয়খিয়ালৈ আহিল, তেতিয়া মই তেওঁৰ সন্মুখতে তেওঁৰ সাৱধান কৰিলোঁ; কাৰণ তেওঁ দোষ কৰিছিল।


কিয়নো মই কওঁ, ওপৰ-পুৰুষ সকলক দিয়া প্ৰতিজ্ঞাবোৰ নিশ্চিত কৰিবলৈ আৰু ঈশ্বৰৰ সত্যতাৰ পক্ষে খ্ৰীষ্টক চুন্নৎ হোৱা সকলৰ পৰিচাৰক কৰা হ’ল।


এনে যেন কেতিয়াও নহওক৷ কিয়নো তেতিয়া ঈশ্বৰে কেনেকৈ জগতৰ সোধ-বিচাৰ কৰিব?


কোনো প্ৰকাৰে এনে নহব৷ সকলো মানুহ মিছলীয়া হ’লেও, ঈশ্বৰক সত্য বুলি মনা হওক; এই বিষয়ে লিখাও আছে, “তুমি যেন নিজৰ কথাত ধাৰ্মিক বুলি প্ৰমাণিত হ’বা, আৰু সকলো বিচাৰত জয়ী হ’বা।”


তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যীচু থবা। কাৰণ তেৱেঁই নিজৰ লোকক তেওঁলোকৰ পাপ সমূহৰ পৰা মুক্ত কৰিব।”


তেওঁ আহি সেই খেতিয়ক সকলক সংহাৰ কৰি, আন লোকৰ হাতত দ্ৰাক্ষাবাৰী দিব৷” তেতিয়া এই কথা শুনা লোক সকলে ক’লে, “ঈশ্বৰে এনে নকৰক!”


কিন্তু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ক্ৰুচৰ বাহিৰে আন কোনো কথাত গৌৰৱ কৰা মোৰ পৰা নহওক; তেওঁৰ দ্বাৰাই জগত খন মোৰ বাবে আৰু মই জগত খনৰ বাবে ক্রুচত হত হলোঁ।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন