9 আমি আগেয়ে যেনেকৈ কৈছিলোঁ, এতিয়া মই পুনৰ কৈছোঁ, “আপোনালোকে যি শুভবাৰ্তা গ্ৰহণ কৰিলে, তাৰ বাহিৰে আন শুভবাৰ্তা, কোনোৱে যদি আপোনালোকৰ আগত প্ৰচাৰ কৰে, তেনেহলে তেওঁ অভিশপ্ত হওক।”
তেওঁৰ বাক্যৰ লগত একো যোগ নিদিবা; নহ’লে তেওঁ তোমাক তিৰস্কাৰ কৰিব, আৰু তুমি মিছলীয়া বুলি প্রমাণিত হবা।
বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, তোমালোকৰ আগত ভাববাণী প্ৰচাৰ কৰোঁতা ভাববাদীবোৰৰ বাক্য নুশুনিবা। তেওঁলোকে তোমালোকক অসাৰতা শিকায়! আৰু যিহোৱাৰ মুখৰ পৰা নোহোৱা নিজ নিজ মনৰ দৰ্শনৰ কথা কয়।’
তেওঁ কিছুদিন তাতে থাকি, তাৰ পৰা গালাতীয়া আৰু ফিৰুগিয়া দেশেদি ফুৰি ফুৰি সকলো শিষ্যক উৎসাহিত কৰিলে।
হে ভাই সকল, মই আপোনালোকক মিনতি কৰোঁ যে, যি সকলে দল দল হৈ গোট সৃষ্টি কৰি পাপক প্ৰৰোচিত কৰে, তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখিব৷ আপোনালোকে যি সত্যৰ শিক্ষা পালে, তেওঁলোক সেই শিক্ষাৰ বিপৰীত; এনেকুৱা লোকৰ পৰা আপোনালোক দূৰত থাকিব৷
কিয়নো যি সকল শৰীৰৰ সম্বন্ধে মোৰ স্বজাতীয়, মোৰ সেই ভাই সকলৰ কাৰণে মই নিজেই খ্ৰীষ্টৰ পৰা শাপগ্ৰস্ত হ’বলৈ ইচ্ছা কৰিব পাৰিলোহেঁতেন।
যেতিয়া এই ধৰণে ভাবিলো, মই জানো অস্থিৰতা দেখুৱাইছিলোঁ? নাইবা মই যি ভাবো, সেয়ে মোত ‘হয়, হয়’, পাছে ‘নহয়, নহয়’ হ’বলৈ, মই মাংস অনুসাৰে ভাবো নে?
মই আপোনালোকক যি যি আজ্ঞা দিছোঁ, আপোনালোকে সেই সকলোকে পালন কৰিব; ইয়াৰ লগত আপোনালোকে একো কথা যোগ নিদিব আৰু ইয়াৰ পৰা একো কথা বাদ নিদিব।
মই আপোনালোকক যি আজ্ঞা দিছো তাৰ লগত একো যোগ নিদিব আৰু তাৰ পৰা একো বাদ নিদিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি সকলো আজ্ঞা মই আপোনালোকক দিছো, সেইবোৰ আপোনালোকে মানি চলিব।
শেষতে, হে মোৰ ভাই সকল, প্ৰভুত আনন্দ কৰক। এই একে কথাকে আপোনালোকলৈ লিখিবৰ বাবে মোৰ কোনো সমস্যা হোৱা নাই আৰু সেইবোৰে আপোনালোকক নিৰাপদে ৰাখিব৷
আপোনালোকে প্ৰভুত সদায় আনন্দ কৰক; পুনৰায় কওঁ, আনন্দ কৰক।