Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




গননা 8:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

21 লেবীয়াসকলে নিজ নিজ কাপোৰ ধুই নিজকে পাপৰ পৰা মুক্ত কৰিলে; আৰু হাৰোণে তেওঁলোকক যিহোৱাৰ উৎসৰ্গ কৰিলে, আৰু তেওঁলোকক শুচি কৰিবৰ অৰ্থে তেওঁলোকক প্ৰায়শ্চিত্ত কৰিলে।

অধ্যায়টো চাওক কপি কৰক




গননা 8:21
10 পৰস্পৰ সংযোগসমূহ  

তেওঁলোকক শুচি কৰিবলৈ, তেওঁলোকলৈ এই কাম কৰা; তেওঁলোকৰ ওপৰত পাপ নাশক জল ছটিওৱা, আৰু তেওঁলোকৰ প্রতিজনে নিজ গোটেই গাৰ চুলি ক্ষুৰাই আৰু কাপোৰ ধুই নিজকে শুচি কৰক।


সেই শুচি লোকজনে তৃতীয় দিনা আৰু সপ্তম দিনা সেই অশুচি লোকজনৰ ওপৰত সেই জল ছটিয়াব। পাছত সপ্তম দিনা সেই অশুচি লোকজনে নিজকে শুচি কৰিব; তেওঁ নিজৰ কাপোৰ ধুব আৰু পানীত গা ধুব। পাছত সন্ধিয়া সময়ত তেওঁ শুচি হ’ব।


তাৰ পাছত লেবীয়াসকলে সাক্ষাৎ কৰা তম্বুৰ কাৰ্য কৰিবলৈ সেই ঠাইত সোমাব। এইদৰে তুমি তেওঁলোকক শুচি কৰিবা আৰু মোলৈ তেওঁলোকক উৎসৰ্গ কৰিবা।


তেওঁ তৃতীয় দিনা আৰু সপ্তমদিনা নিজকে শুচি কৰিব, তাৰ পাছত শুচি হ’ব। কিন্তু তেওঁ যদি তৃতীয় দিনা আৰু সপ্তম দিনা নিজকে শুচি নকৰে, তেন্তে তেওঁ শুচি নহ’ব।


“চোৱা, মই ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক ল’লো। ইস্ৰায়েলৰ সন্তান সকলৰ মাজত গৰ্ভভেদ কৰি অহা প্ৰথমে জন্ম পোৱা সকলৰ সলনি লবলৈ মই ইয়াকে কৰিলোঁ। এই হেতুকে লেবীয়াসকল মোৰেই হ’ব।


যিহোৱাই মোচিক ক’লে, “লোকসকলৰ ওচৰলৈ যোৱা। আজি আৰু কাইলৈ তেওঁলোকক পবিত্ৰ কৰিবা, আৰু তেওঁলোকক নিজৰ কাপোৰ ধুই, মই অহাৰ বাবে তেওঁলোকক যুগুত কৰা।


মোচি, হাৰোণ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীয়ে লেবীয়াসকললৈ এই দৰে কৰিলে। যিহোৱাই লেবীয়াসকলৰ বিষয়ে মোচিক দিয়া সকলো আদেশ অনুসাৰেই, ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকলৈ এই কাৰ্য কৰিলে।


তেতিয়াৰে পৰা লেবীয়াসকলে হাৰোণৰ আগত আৰু তেওঁৰ পুত্ৰসকলৰ আগত সাক্ষাৎ কৰা তম্বুত নিজ নিজ কাৰ্য কৰিবলৈ সোমাল। লেবীয়াসকলৰ বিষয়ে যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰেই তেওঁলোকে সেইদৰেই তেওঁলোকলৈ কাৰ্য কৰিলে।


তাৰ পাছত শুচি কৰোঁতা পুৰোহিত জনে, সেই শুচি হ’বলগীয়া লোক জনক আৰু সেই বস্তুবোৰ লৈ সাক্ষাৎ কৰা তম্বুৰ দুৱাৰৰ ওচৰত যিহোৱাৰ সন্মুখত ৰাখিব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন