Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




গননা 7:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

1 পাছত যি দিনা মোচিয়ে আবাস স্থাপন কৰি সমপন্ন কৰিলে, তেতিয়া তেওঁ সেই আবাস আৰু তাৰ সকলো বস্তু যিহোৱাৰ বাবে অভিষেক আৰু পবিত্ৰ কৰিলে। তেওঁ যজ্ঞবেদী আৰু তাৰ সকলো বস্তু, সকলোকে সঁজুলি অভিষেক আৰু পবিত্ৰ কৰিলে।

অধ্যায়টো চাওক কপি কৰক




গননা 7:1
15 পৰস্পৰ সংযোগসমূহ  

মোচিয়ে যজ্ঞবেদী অভিষেক কৰা দিনা, তাৰ প্ৰতিষ্ঠাৰ অৰ্থে, এই সকলোবোৰ উপহাৰ ইস্ৰায়েলৰ অধ্যক্ষসকলৰ দ্বাৰাই দিয়া হ’ল; তেওঁলোকে ৰূপৰ বাৰখন থাল, ৰূপৰ বাৰটা বাটি আৰু সোণৰ বাৰটা পিয়লা দান কৰিছিল।


হে অন্ধ সকল, নৈবেদ্য আৰু নৈবেদ্যক পবিত্ৰ কৰা যি বেদি, এই দুয়োৰো মাজত কোনটো শ্ৰেষ্ঠ?


সেই দিনা ৰজাই যিহোৱাৰ গৃহৰ সন্মুখত থকা চোতালৰ মাজভাগ পবিত্ৰ কৰিছিল; কিয়নো সেই ঠাইতেই তেওঁ হোম-বলি, ভক্ষ্য নৈবেদ্য আৰু মঙ্গলাৰ্থক বলিৰ তেল উৎসৰ্গ কৰিছিল; কাৰণ হোম-বলি, ভক্ষ্য নৈবেদ্য আৰু মঙ্গলাৰ্থক বলিৰ তেল ধৰিবলৈ যিহোৱাৰ সন্মুখত থকা পিতলৰ যজ্ঞবেদী সৰু আছিল।


তেওঁলোকৰ পোহনীয়া জন্তুৰ জাকৰ পৰা তেওঁলোকে মঙ্গলাৰ্থক বলিৰ কাৰণে সৰ্ব্বমুঠ চব্বিশটা ষাঁড়-গৰু, ষাঠিটা মতা মেৰ-ছাগ, ষাঠিটা মতা ছাগলী আৰু ষাঠিটা এবছৰীয়া মতা মেৰ পোৱালি দান কৰিছিল। যজ্ঞবেদী অভিষেক কৰাৰ পাছত, তাৰ প্ৰতিষ্ঠা কৰাৰ উপহাৰ এইবোৰ।


“ইস্ৰায়েলৰ লোক সকলৰ মানুহৰেই হওক বা পশুৰেই হওক, সকলো প্ৰথম গৰ্ভফল মোৰ উদ্দেশে উৎসৰ্গ কৰা। প্ৰথমে জন্মা সকলো মোৰেই।”


ঈশ্বৰে সেই সপ্তম দিনক আশীৰ্ব্বাদ কৰি পবিত্ৰ কৰিলে; কিয়নো সেইদিনা ঈশ্বৰে নিজৰ সকলো সৃষ্টি কাৰ্যৰ পৰা বিশ্ৰাম ল’লে।


মোচিয়ে যজ্ঞবেদী অভিষেক কৰা দিনা, অধ্যক্ষসকলে তাৰ প্ৰতিষ্ঠাৰ অৰ্থে উপহাৰ আনিলে আৰু নিজ নিজ উপহাৰ যজ্ঞবেদীৰ আগত উপস্থিত কৰিলে।


তুমি প্ৰায়শ্চিত্তৰ বাবে প্ৰতি দিনে পাপাৰ্থক বলিৰূপে এটা ভতৰা গৰু বলি দিবা। এইদৰে প্ৰায়শ্চিত্ত বেদীক শুচি কৰিবলৈ ইয়াকে কৰিব লাগিব। এই বেদী পবিত্ৰ কৰি ইয়াক অভিষেক কৰিবা, আৰু মোৰ বাবে পৃথক কৰি ৰাখিবা।


তুমি প্ৰক্ষালন পাত্ৰ আৰু তাৰ খুৰা অভিষেক কৰি তাক পবিত্ৰ কৰিবা।


“তুমি ইস্ৰায়েলৰ সন্তানসকলক কথা কোৱা। তেওঁলোকৰ পিতৃ-বংশৰ অধ্যক্ষসকলৰ পৰা এক এক পিতৃ-বংশৰ কাৰণে এডালকৈ লাখুটি, এইদৰে বাৰডাল লাখুটি লোৱা আৰু প্ৰত্যেকৰ লাখুটিত তেওঁৰ নাম লিখা।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন