Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




গননা 6:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 আৰু নাচৰীয়া লোকজনে পৃথকে থকাৰ যি চিন, তাক ক্ষুৰুৱাৰ পাছত, পুৰোহিতে পানীত সিজোৱা মেৰৰ আগ-পিৰাটো, আৰু খৰাহিৰ পৰা খমীৰ নিদিয়া বিন্ধা থকা পিঠা এটা, আৰু খমীৰ নিদিয়া পাতল চাকলিয়া পিঠা এটা লৈ, নাচৰীয়া লোকজনৰ হাতত দিব।

অধ্যায়টো চাওক কপি কৰক




গননা 6:19
7 পৰস্পৰ সংযোগসমূহ  

তাৰ পৰিবৰ্তে তেল পোৰাৰ পূৰ্বে, পুৰোহিতৰ দাস আহি বলিদান দিয়া জনক কয়, “পুৰোহিতৰ কাৰণে পুৰিবলৈ মঙহ দিয়া, কিয়নো তেওঁ তোমাৰ পৰা সিজোৱা মঙহ নলয়, কিন্তু কেঁচা মঙহহে ল’ব।”


তেওঁ নিজ হাতে যিহোৱাৰ অগ্নিকৃত উপহাৰ আনিব। দোলনীয় নৈবেদ্য স্বৰূপে বলিৰ আমঠু যিহোৱাৰ সন্মূখত দোলোৱা হবলৈ, আমঠুৱে সৈতে তেওঁ তেলখিনি আনিব।


সেয়ে মোচিয়ে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক ক’লে, “সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ মুখত তোমালোকে মঙহখিনি সিজাবা; আৰু ‘হাৰোণ ও তেওঁৰ পুত্ৰসকলে তাক ভোজন কৰিব লাগে’, এইবুলি কোৱা মোৰ আজ্ঞাৰ দৰে তোমালোকে সেই ঠাইত তাক আৰু নিযুক্ত কৰণাৰ্থক খৰাহিত থকা পিঠা ভোজন কৰিবা।


আৰু হাৰোণ ও তেওঁৰ পুৰোহিতসকলৰ হাতত সেই সকলোকে দি, যিহোৱাৰ সন্মূখত দোলনীয় নৈবেদ্যৰ অৰ্থে দোলালে।


পাছত যিহোৱাই মোচিক ক’লে,


“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘কোনো পুৰুষ বা স্ত্ৰীয়ে যেতিয়া যিহোৱাৰ উদ্দেশ্যে বিশেষ নাচৰীয়া ব্ৰত ধৰিবৰ অৰ্থে পৃথকে থাকিব,


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন