Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




গননা 5:29 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

29 এয়ে অন্তৰ্জ্বালাযুক্ত বিধি; যেতিয়া কোনো মহিলাই নিজ স্বামীৰ অধীন হৈয়ো অবাটে গৈ অশুচি হয়, তাইৰ বাবেই এই বিধি।

অধ্যায়টো চাওক কপি কৰক




গননা 5:29
12 পৰস্পৰ সংযোগসমূহ  

তোমালোকে নিজ নিজ তৰোৱালত নিৰ্ভৰ কৰা, ঘিণলগীয়া কাৰ্য কৰা আৰু নিজ নিজ ওচৰ-চুবুৰীয়াৰ পত্নীক অশুচি কৰা লোক; তোমালোকে জানো সঁচাকৈ দেশ অধিকাৰ কৰিবা’?”


শুচি অশুচি বস্তুৰ আৰু খাব পৰা, খাব নোৱাৰা জন্তু, প্ৰভেদ জন্মাবৰ বাবে,


নোমৰ বা শণ সুতাৰ বস্ত্ৰত, বা দীঘ সুতা কি বাণী সুতাত বা ছালৰ কোনো বস্তুত হোৱা কুষ্ঠ ৰোগৰ দাগৰ বিষয়ে শুচি অশুচি বুলি কোৱা নিয়ম এই।”


যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা মঙ্গলাৰ্থক বলিৰ নিয়ম এই।


“তুমি ইস্ৰায়েলৰ সন্তানসকলক কোৱা, ‘ধৰি লোৱা কোনো এজন লোকৰ পত্নীয়ে যদি অবাটে গ’ল আৰু তেওঁৰ বিৰুদ্ধে সত্যলঙ্ঘন কৰিলে;


তেতিয়া এই বোৰ ক্ষেত্রত সেই পুৰুষ জনে নিজ পত্নীক পুৰোহিতৰ ওচৰলৈ আনিব। তেওঁ তাইৰ কাৰণে তাইৰ উপহাৰ, অৰ্থাৎ ঐফাৰ দহ ভাগৰ এভাগ যৱৰ আটাগুড়ি আনিব। কিন্তু তেওঁ তাৰ ওপৰত তেল নাঢালিব, আৰু কুন্দুৰু নিদিব; কিয়নো সেয়ে অন্তৰ্জ্বালাৰ ভক্ষ্য নৈবেদ্য, অপৰাধ সোঁৱৰণ কৰাওঁতা স্মৰণাৰ্থক ভক্ষ্য নৈবেদ্য।


আৰু পুৰোহিতে সেই মহিলাক শপত খুৱাব লাগিব, তেওঁ তাইক ক’ব লাগিব বোলে, “কোনো পুৰুষে যদি তোমাৰে সৈতে শয়ন কৰা নাই, আৰু তুমি নিজ স্বামীৰ অধীন হৈ অবাটে যোৱা নাই, তেতিয়াহলে শাও জন্মাওতা এই তিতা পানী তোমালৈ নিষ্ফল হ’ব।


কিন্তু যদি সেই মহিলা অশুচি নহৈ, শুচি আছে, তেন্তে তাই শাওৰ পৰা মুক্ত হ’ব আৰু গৰ্ভধাৰণ কৰিব।


যেতিয়া কোনো মানুহৰ মন অন্তৰ্জ্বালাযুক্ত হৈ, তেওঁ নিজৰ পত্নীৰ প্রতি অন্তৰ্জ্বালাৰে জ্বলে, সেই সময়ত তেওঁ নিজ পত্নীক যিহোৱাৰ আগত উপস্থিত কৰিব, আৰু পুৰোহিতে তাইৰ বিষয়ে এই সকলো বিধি পালন কৰিব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন