31 আৰু প্ৰাণদণ্ডৰ যোগ্য মানুহ বধীৰ প্ৰাণৰ বাবে তোমালোকে কোনো প্ৰায়শ্চিত্ত নল’বা; কিন্তু তাৰ প্ৰাণদণ্ড অৱশ্যে হ’ব।
তেতিয়া দায়ূদে নাথনক ক’লে, “মই যিহোৱাৰ বিৰুদ্ধে পাপ কৰিলোঁ।” তাতে নাথনে দায়ূদক উত্তৰ দি ক’লে, “কিন্তু যিহোৱায় তোমাৰ পাপ দূৰ কৰিলে৷ তোমাক আৰু বধ কৰা নহ’ব।
তেতিয়া গিবিয়োনীয়া সকলে তেওঁক ক’লে, “চৌল কি তেওঁৰ বংশৰ সৈতে আমাৰ ৰূপ বা সোণৰ বিষয়ে বিবাদ নাই আৰু ইস্ৰায়েলৰ মাজত কোনো লোকক বধ কৰা আমাৰ কাম নহয়।” দায়ূদে উত্তৰ দি ক’লে, “আপোনালোকে যিয়ে বিচাৰে মই সেয়াই আপোনালোকৰ বাবে কৰিম।”
হে ঈশ্বৰ, হে মোৰ পৰিত্ৰাণৰ ঈশ্বৰ, ৰক্তপাতৰ দোষৰ পৰা তুমি মোক উদ্ধাৰ কৰা; তাতে মোৰ জিভাই তোমাৰ উদ্ধাৰৰ গীত উচ্চস্বৰে গাব।
যদি কোনোবাই ছলেৰে দুঃসাহিয়াল হৈ কোনো লোকক বধ কৰে, তেনেহ’লে তেওঁক প্ৰাণদণ্ড দিবৰ বাবে, ঈশ্বৰৰ যজ্ঞবেদীত থাকিলেও তেওঁক লৈ যাব।
আৰু সতীত্ব লঙ্ঘন কৰা ও ৰক্তপাত কৰা সকলক দণ্ড দিয়াৰ দৰে মই তোমাক দণ্ড দিম; মই ক্ৰোধ আৰু অন্তৰ্জ্বালাত তোমাৰ ৰক্তপাত কৰিম।
আৰু যি জনে আন এজনক বধ কৰিব, তেওঁৰ প্ৰাণদণ্ড অৱশ্যে হ’ব।
নাইবা যিহেৰে মানুহ মাৰিব পাৰে, সি হাতত এনে শিল লৈ যদি তাক মৰাকৈ মাৰে, তেন্তে সি মানুহ বধী; অৱশ্যে তেনে মানুহ বধীৰ প্ৰাণদণ্ড হ’ব।
যি মানুহে কোনো লোকক বধ কৰে, সেই মানুহ বধীক সাক্ষীৰ মুখেই বধ কৰা হ’ব; কিন্তু এজন সাক্ষীৰ কথা কোনো লোকৰ বিৰুদ্ধে প্ৰাণদণ্ডৰ বাবে গ্ৰাহ্য নহ’ব।
আৰু যি মানুহ আশ্ৰয় নগৰলৈ পলাই গ’ল, সেই মানুহ পুৰোহিত নৌ মৰোঁতেই দেশত বাস কৰিবলৈ উলটি আহিবৰ বাবে প্ৰায়শ্চিত্ত নল’বা।
যি কোনোৱে চুবুৰীয়াক গুপুতে বধ কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’