Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




গননা 35:29 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

29 আৰু তোমালোকৰ পুৰুষানুক্ৰমে, তোমালোকে নিবাস কৰা সকলো ঠাইতে এয়ে তোমালোকৰ বিচাৰৰ বিধি হ’ব।

অধ্যায়টো চাওক কপি কৰক




গননা 35:29
5 পৰস্পৰ সংযোগসমূহ  

যদি তেওঁৰ পিতৃৰ কোনো ভাই বা ককাই নাথাকে, তেন্তে তাৰ গোষ্ঠীৰ মাজৰ আটাইতকৈ ওচৰৰ সম্বন্ধীয়া লোক জনক তেওঁৰ উত্তৰাধীকাৰ দিবা; আৰু তেওঁ তাক নিজ অধিকাৰ কৰিব। মোচিলৈ কোৱা যিহোৱাৰ আজ্ঞাৰ দৰে এয়ে ইস্ৰায়েলৰ সন্তান সকলৰ স্বত্ববিষয়ক বিধি হ’ব’।”


পাছত যোচেফৰ পুত্ৰ মনচিৰ গোষ্ঠীৰ মাজৰ মনচিৰ বৃদ্ধ পৰিনাতি, মাখীৰৰ পৰিনাতি, গিলিয়দৰ নাতি হেফৰৰ পুত্র চলফাদৰ জীয়েক যি মহলা, নোৱা, হগ্লা, মিল্কা আৰু তিৰ্চা, তেওঁলোক মোচিৰ ওচৰলৈ আহিল।


কিয়নো প্ৰধান পুৰোহিতৰ মৃত্যু নোহোৱালৈকে সি নিজৰ আশ্ৰয় নগৰত থাকিব লাগিছিল; কিন্তু প্ৰধান পুৰোহিতৰ মৃত্যুৰ পাছত সেই মানুহ বধী নিজ আধিপত্যৰ দেশলৈ উলটি যাব পাৰিব।


সাক্ষাৎ কৰা তম্বুৰ ভিতৰত সাক্ষ্য-ফলিৰ নিয়ম চন্দুকৰ আগত থকা পৰ্দাৰ বাহিৰত যিহোৱাৰ আগত গধূলিৰ পৰা ৰাতিপুৱালৈকে প্রদীপ জ্বলি থাকিবৰ বাবে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে তত্বাৱধান ল’ব লাগিব। এয়ে ইস্ৰায়েলী লোকসকলে পুৰুষানুক্ৰমে পালন কৰিব লগীয়া চিৰস্থায়ী বিধি।


কিন্তু লেবীয়াসকলেই সাক্ষাৎ কৰা তম্বুৰ সেৱাকৰ্ম কৰিব, আৰু তেওঁলোকে সেই বিষয়ে কোনো পাপৰ ভাৰ ব’ব; এয়ে তোমালোকৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি; আৰু ইস্ৰায়েলৰ সন্তানসকলৰ মাজত তেওঁলোকে কোনো অধিকাৰ নাপাব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন