7 যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলক দিয়া দেশলৈ তেওঁলোকে পাৰ হৈ নাযাবলৈ তেওঁলোকৰ মন কেলেই নিৰুৎসাহ কৰিছা?
আৰু তেওঁলোকে মোচিক ক’লে, “আপুনি যি দেশলৈ আমাক পঠাইছিল, আমি সেই দেশলৈ গৈছিলোঁ। সঁচাকৈ সেই দেশ গাখীৰ আৰু মৌজোল বৈ থকা দেশ। চাওঁক এইয়া তাৰ ফল।
কিন্তু যি লোকসকল তেওঁৰ লগত গৈছিল, তেওঁলোকে ক’লে, “আমি সেই লোকসকলৰ বিৰুদ্ধে উঠি যাব নোৱাৰোঁ, কিয়নো আমাতকৈ সিহঁত বলী।”
তেওঁলোকৰ নাম এই এই; ৰূবেণ ফৈদৰ মাজৰ জক্কূৰৰ পুত্ৰ চম্মুৱা।
পাছত তেওঁলোকে ইদোম দেশ ঘূৰিবৰ অৰ্থে, চূফ সাগৰৰ বাটেদি হোৰ পৰ্ব্বতৰ পৰা যাত্ৰা কৰিলে। আৰু বাটৰ কাৰণে লোকসকলৰ মন অতিশয় অধৈৰ্য হ’ল।
তেতিয়া মোচিয়ে গাদৰ আৰু ৰূবেণৰ সন্তান সকলক ক’লে, “তোমালোকৰ ভাইসকলে যুদ্ধ কৰিবলৈ যোৱাৰ সময়ত তোমালোকে এই ঠাইত বাস কৰিবা নে?
কিয়নো তেওঁলোকে ইষ্কোল উপত্যকালৈকে গৈ দেশ চাই, যিহোৱাই দিয়া সেই দেশত নোসোমাবলৈ ইস্ৰায়েলৰ সন্তান সকলৰ মন নিৰোৎসাহ কৰিছিল।
তেতিয়া পৌলে উত্তৰ দিলে, “আপোনালোকে কান্দি কান্দি মোৰ হৃদয় বিদাৰি, কি কৰিব বিছাৰিছে? কিয়নো মই প্ৰভু যীচুৰ নামৰ কাৰণে, যিৰূচালেমত কেৱল বান্ধ খাবলৈ নহয়, মৰিবলৈকো যুগুত হৈ আছোঁ।”
এতিয়া আমি ক’লৈ যাব পাৰোঁ? ভাইসকলে আমাৰ মন ভাঙি দিলে। কিয়নো তেওঁলোকে কৈছিল, ‘সেই ঠাইৰ অধিবাসীসকল আমাৰ তুলনাত অতিশয় ডাঙৰ আৰু দীঘল; তেওঁলোকৰ নগৰবোৰো ডাঙৰ ডাঙৰ আৰু তাৰ চৌদিশ আকাশ লঙ্ঘা প্রাচীৰেৰে আবৃত। তাত বাজেও, আমি সেই ঠাইত অনাকীয়াৰ বংশধৰ দৈত্যকায় লোকসকলকো দেখিলোঁ।’”