22 কেৱল সোণ, ৰূপ, পিতল, লোহা, বগীতাম,
চিল্লাৰ গর্ভত তুবল-কয়িনৰ জন্ম হ’ল; তেওঁ পিতল আৰু লোহাৰ নানাবিধ অস্ত্ৰ গঢ়োতা আছিল; সেই তুবল-কয়িনৰ নয়মা নামেৰে এজনী ভনীয়েক আছিল।
লোহা মাটিৰ পৰা উলিওৱা হয়, আৰু শিল গলাই তাম উলিয়ায়।
তেতিয়া মোচি, পুৰোহিত ইলিয়াজৰ আৰু মণ্ডলীৰ আটাই অধ্যক্ষসকলে তেওঁলোকক সাক্ষাৎ কৰিবলৈ ছাউনিৰ বাহিৰলৈ ওলাই গ’ল।
পাছত পুৰোহিত ইলিয়াজৰে ৰণলৈ যোৱা লোকসকলক ক’লে, “যিহোৱাই মোচিক দিয়া ব্যৱস্থাৰ এয়াও এক বিধি বোলে:
আৰু সীহ আদি যিবোৰ বস্তু জুইত নুপোৰে, সেই সকলোকে জুইৰ মাজেদি নিবা, তেতিয়া সেয়া শুচি হ’ব। তাৰ পাছত তোমালোকে তাক অশুচিতা-নাশক জলৰ দ্বাৰাই শুচি কৰিব লাগিব; কিন্তু যি যি বস্তু জুইত পোৰে, তাক প্রথমে তোমালোকে সেই পানীৰে শুচি কৰিবা।
সমুদায় ৰূপ, সোণ আৰু পিতল আৰু লোহাৰ পাত্ৰবোৰ যিহোৱাৰ উদ্দেশে পবিত্ৰ হ’ব; সেইবোৰক যিহোৱাৰ ভঁৰাললৈ অনা হ’ব।”
যিহোচূৱাক আদেশ কৰা যিহোৱাৰ বাক্য অনুসাৰে ইস্ৰায়েলে কেৱল সেই নগৰৰ পশু আৰু লুটদ্ৰব্যবোৰ নিজৰ বাবে ল’লে।